নিউজ ডেক্স:
শত্ৰুতা পাহৰি সহায়ৰ হাত আগবঢ়ালে ভাৰতীয় সেনাই৷ এই ঘটনা ঘটিছে ছিকিমত৷ উত্তৰ ছিকিমৰ ১৭,৫০০ ফুট উচ্চতাৰ মালভূমিত হিমাংকৰ তলৰ তাপমাত্ৰাত বন্দী হৈ পৰি পথ হেৰুৱাইছিল তিনিজন চীনা নাগৰিকে৷ বৃহস্পতিবাৰে এই লোককেইজনক উদ্ধাৰ কৰে ভাৰতীয় সেনা বাহিনীয়ে৷
উদ্ধাৰ হোৱা চীনা নাগৰিকক অক্সিজেন, গৰম কাপোৰ, খাদ্য, পানী দি তেওঁলোকৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰে সেনাই৷ সেনাৰ তৰফৰ পৰা বিবৃতিত এই কথা কোৱা হৈছে৷ ইপিনে সেনাই এই চীনা নাগৰিকক সঠিক পথৰ নিৰ্দেশনা দিয়ে৷
তাৰ পাচত সেই পথ অনুসৰণ কৰি তেওঁলোক চীনলৈ ৰাওনা হয়৷ এই বিপদৰ সময়ত উদ্ধাৰ কৰাত তেওঁলোকে ভাৰতীয় সেনা বাহিনীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে৷













