![]()
নিউজ ডেস্কঃ
ৰাছিয়াৰ সৈতে যৌথ উদ্যোগত অত্যাধুনিক একে (এছল্ট কালাছনিকভ) ২০৩ ৰাইফল নিৰ্মাণ কাৰখানা হ’ব উত্তৰ প্রদেশৰ আমেথিত।
শুক্রবাৰে মস্কোত ৰাছিয়াৰ প্রতিৰক্ষামন্ত্রী ছার্গেই ছোইগুৰ সৈতে ৰাজনাথ সিঙৰ বৈঠকত দীর্ঘদিন ওলমি থকা বিষয়টোক লৈ সিদ্ধান্ত চূড়ান্ত হৈছে। লগতে কৌশলগত সহযোগী দেশ ভাৰতৰ নিৰাপত্তাৰ প্রশ্নটো বিবেচনা কৰি পাকিস্তানক অস্ত্র বিক্রী নকৰাৰ আশ্বাস দিছে ভ্লাদিমিৰ পুতিনৰ দেশ ৰাছিয়াই। পাকিস্তানৰ বিৰুদ্ধে সন্ত্রাস আৰু সন্ত্ৰাসবাদীক আশ্ৰয়ৰ সহযোগৰ অভিযোগত মস্কোৰ ওচৰত এই আবেদন জনাইছিল দিল্লীয়ে।
উল্লেখ্য যে ছাংহাই সহযোগিতা সংগঠন (এছচিঅ)ৰ মন্ত্রী পর্যায়ৰ বৈঠকত ভাগ ল’বলৈ মস্কোলৈ গৈছে প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং। আঠখন সদস্য দেশৰ ভিতৰত ভাৰত, ৰাছিয়া, কাজাখস্তান, তাজিকিস্তান, কিৰগিজস্তান আৰু উজবেকিস্তানৰ উপৰি আছে চীন আৰু পাকিস্তানো।
লাদাখত চীনৰ সৈতে সামৰিক উত্তেজনাৰ মাজতেই চীনৰ প্রতিৰক্ষামন্ত্রী জেনেৰেল ৱেই ফংহক দর্শকৰ আসনত বহি থাকোতেই নিজৰ বক্তৃতাত ৰাষ্ট্রীয় আগ্রাসনৰ বিপদ সম্পর্কে বিশদ চর্চা কৰে ৰাজনাথ সিঙে। চলিত বছৰত যে দ্বিতীয় বিশ্বযুদ্ধ শেষৰ ৭৫তম বর্ষ— সেই কথা উল্লেখ কৰি ভাৰতৰ প্রতিৰক্ষামন্ত্রীগৰাকীয়ে কয়,
‘‘ৰাষ্ট্রীয় আগ্রাসনে যে কেনে ভয়ানক ধ্বংস মাতি আনে, দ্বিতীয় বিশ্বযুদ্ধই আমাক সেই শিক্ষা দিছে।’’ পাৰস্পৰিক আস্থাৰ সম্পর্কই যে আগ্রাসনক ৰুধিবলৈ সক্ষম, সেয়াও কয় তেওঁ। ৰাজনাথ সিঙে কয়, ‘‘এছচিঅ’ৰ সদস্য দেশসমূহৰ জনসংখ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ।
এই অঞ্চলৰ বাসিন্দাসকলৰ শান্তি, নিৰাপত্তা, বিশ্বাস আৰু সহযোগিতাৰ সম্পর্ক দাবী কৰো। তেওঁলোকৰ সেই আকাঙ্ক্ষাক স্বীকাৰ কৰি লৈ দেশসমূহৰ মাজত শ্রদ্ধা, আস্থা আৰু বন্ধুত্বৰ সম্পর্ক গঢ়ি তুলিব লাগিব। পাৰস্পৰিক স্বার্থৰ বিষয়টোত অগ্রাধিকাৰ দিব লাগিব। আন্তর্জাতিক আইন আৰু প্রথাসমূহ যাতে মানি চলা হয়, সেই বিষয়টো নিশ্চিত কৰিব লাগিব।’’











