নিউজ ডেক্স:
প্ৰতিৰক্ষা মন্ত্ৰীৰ আলোচনাৰ মাজতেই পুনৰ বিশ্বাসঘাতকতা চীনৰ৷ অৰুণাচলৰ চীন সীমান্তৰ কাষৰ পৰা ৫জন যুৱকক লালফৌজে অপহৰণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷ অৰুণাচলত ভাৰত-চীন সীমান্তৰ ৭ নম্বৰ শ্ৰেষ্ঠ ছেক্টৰত এই ঘটনা সংঘটিত হৈছে৷
জানিব পৰা মতে এই এলেকাৰ পৰা তনু বকৰ, প্ৰশাত ৰিংলিং, নগাৰু দেৰি, দংতু এবিয়া, টচ ছিংকাম নামৰ পাঁচজন যুৱকৰ সন্ধান পোৱা নাই৷ প্ৰশাত ৰিংলিঙৰ ককায়েক প্রকাশ ৰিংলিঙে এই কথা ফেচবুকত প’ষ্ট দি জনাইছে৷ তাৰ পাচতে বিষয়টো পোহৰলৈ আহে৷
ছচিয়েল মিডিয়াত তেওঁ অভিযোগ কৰে যে তেওঁৰ ভায়েকসহ মুঠ ৫জনক চীনা সেনাই অপহৰণ কৰিছে৷ তেওঁ স্থানীয় প্ৰশাসন আৰু ভাৰত চৰকাৰক এই বিষয়ত দ্ৰুত ব্যৱস্থা ল’বলৈ অনুৰোধ কৰিছে৷











