নিউজ ডেক্স:
ভাৰতত আনলক- ৪ চলি থকা সময়ত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাই আছে৷ দেশত ক’ৰোনাত মুঠ ৪০ লাখ ২৩ হাজাৰ ১৭৯ জন লোক আক্ৰান্ত হৈছে৷
* ক’ৰোনাত আক্ৰান্ত হৈ ভাৰতত মুঠ মৃত্যু হৈছে ৬৯ হাজাৰ ৫৬১ জন৷
* যোৱা ২৪ ঘণ্টাত ক’ৰোনাত ৮৬ হাজাৰ ৪৩২জন লোক আক্ৰান্ত হৈছে৷
* যোৱা ২৪ ঘণ্টাত ক’ৰোনাত ১০৮৯ জন লোকৰ মৃত্যু হয়৷
* যোৱা ২৪ ঘণ্টাত দেশত ১০ লাখৰো অধিক লোকৰ পৰীক্ষা কৰা হৈছে৷
* ক’ৰোনা ৰোধিবৰ বাবে লকডাউন কামত নাহে৷ বৰং টীকাকৰণৰ ওপৰত জোৰ দিব লাগিব৷ এই পৰামৰ্শ দিছে বিশ্ব স্বাস্থ্য সংস্থাই৷
* নাগপুৰত আক্ৰান্তসকলৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধানত বিশেষ কৰ্মসূচী আৰম্ভ৷ নাগপুৰ পৌৰ নিগমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লোক কল্যাণ সমিতিৰ সহযোগত ‘মিছন বিশ্বাস’ আৰম্ভ কৰিছে৷
* দেশৰ কেতবোৰ এলেকাত ক’ৰোনাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে৷ অহা বছৰো চলি থাকিব সংক্ৰমণ৷ এই কথা জনালে এইমছৰ প্ৰধানে৷
* যোৱা ৩ সপ্তাহৰ ভিতৰত যোৱা ২৪ ঘণ্টাত দক্ষিণ কোৰিয়াত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বহু কম৷













