নিউজ ডেক্স:
আত্মঘাতী হ’ল ১৪ বছৰীয়া কিশোৰী। যৌন উৎপীড়নৰ চিকাৰ হোৱাৰ পিছত সেই ভিডিঅ’ ইণ্টাৰনেটত চোৱাৰ পিছত মানি লব পৰা নাই এগৰাকী কিশোৰীয়ে৷ তিনিজন অভিযুক্তৰ তালাচী চলিছে।
আকৌ যোগীৰাজ্য! কেইটামান সপ্তাহৰ ভিতৰত প্ৰায় ৪ টাৰ পৰা ৫ টা ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে৷ আৰু বা কিমান আছে হয়তো কোনোৱে নাজানে ৷ এইবাৰ চিকাৰ হ’ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ পৰিয়ালৰ সূত্ৰ খবৰ অনুসৰি বুলন্দ চহৰ জিলাৰ এখন গাঁৱৰ ঘৰৰ তাই ৷ সেইখন গাঁৱৰে তিনিজনে মিলি যৌন উৎপীড়ণ চলায় কিশোৰী গৰাকীক ৷
পিছত তাই ছ’চিয়েল মেডিয়াত তাইক কৰা যৌন উৎপীড়ণৰ ভিডিঅ’ চাই সহ্য কৰিব নোৱাৰি সোমবাৰে তাই আত্মহণণ কৰে ৷ আৰক্ষী বিষয়া গোপাল সিঙে জনায় যে, আৰক্ষীক খবৰ নিদিয়াকৈ পৰিয়ালৰ লোকে কিশোৰী গৰাকীৰ মৃতদেহ সৎকাৰ কৰি পেলায় ৷
গাঁওবাসীৰ পৰা খবৰ লাভ কৰি আৰক্ষী সেই ঠাইত উপস্থিত হয় ৷ তাতে সমস্ত তথ্য লাভ কৰে আৰক্ষীয়ে ৷ পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত তিনি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷ সিহতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হব বুলি জনাইছে আৰক্ষীয়ে ৷
“কিয় বাৰম্বাৰ যোগী ৰাজ্যত ইটোৰ পিছত সিটো ধৰ্ষণ কাৰ্য সংঘটিত হৈছে? বিজেপি চৰকাৰ উত্তৰ দিব পাৰিবনে? চৰকাৰে এই লৈ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে ৷” নিজৰ টুইটত টুইট কৰি এই মন্তব্য কৰে প্ৰিয়াঙ্কা ভদ্ৰ গান্ধীয়ে ৷
উল্লেখযোগ্যযে,, ২০ আগষ্টত আগ্ৰাত এক ২৫ বছৰীয়া যুৱতীৰ দেহ পোৱা যায় ৷ দিল্লিত মেডিকেলত পঢ়া- শুনা কৰিছিল তাই ৷ পৰিয়ালৰ অভিযোগ তাৰেই এটা চিকিৎসকে তাইক ধৰ্ষণ কৰি হত্যা কৰে৷ ইয়াৰ ঠিক এদিন পূৰ্বে উত্তৰ প্ৰদেশৰ ভাদোহী জিলাত এগৰাকী কিশোৰীৰ দেহ পোৱা যায় ৷
একে মাহত একেখন ৰাজ্যত আৰু এটি ১৩ বছৰীয়া কিশোৰীক দুষ্কৃতিকাৰীয়ে নিৰ্মভাবে ধৰ্ষণ কৰি পেলাই ৰাখে ৷ আগষ্টত ৬ বছৰৰ এক নাবালিকাও একে ঘটনাৰ চিকাৰ হয় যদিও তাইৰ প্ৰাণ ৰক্ষা পৰে ।










