ছচিয়েল মিডিয়াত ভাইৰেল এটি ভিডিঅক লৈ চর্চা তুঙ্গত উঠিছে। ভিডিঅটোত দেখা গৈছে, এগৰাকী মহিলাৰ মুখৰ ভিতৰৰ পৰা এডাল সাপ বাহিৰ কৰি আনিছে চিকিৎসকে। টানি টানি সেই সাপডাল বাহিৰ কৰি অনা দেখা গৈছে ভিডিঅটোত, যাক লৈ তীব্ৰ চাঞ্চল্য বিয়পি পৰিছে।
https://twitter.com/AlBayanNews/status/1300331423673573376?s=20
এনেদৰে শৰীৰৰ ভিতৰত এডাল সাপ কেনেদৰে সোমাল, তাকে ভাবি অবাক হৈ পৰিছে চিকিৎসকসকল।ৰাছিয়াৰ এইগৰাকী মহিলাৰ সমস্যা দেখি অবাক হৈ গৈছে চিকিৎসকসকল। মহিলাগৰাকী লাভাচি গাঁৱৰ বাসিন্দা। চিকিৎসকক তেওঁ জনোৱা মতে, তেওঁ নিজৰ ঘৰৰ বাগানত শুই আছিল। তেতিয়াই সম্ভৱত তেওঁৰ মুখেৰে শৰীৰৰ ভিতৰত সোমায় সাপডাল।
তাৰ পিছত তেওঁৰ গা বেয়া লাগিবলৈ আৰম্ভ কৰে। সেই কাৰণে তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। তাত একাধিক পৰীক্ষাত দেখা যায়, তেওঁৰ শৰীৰৰ ভিতৰত কিবা এটা আছে। তাৰ পিছত অজ্ঞান কৰি মুখৰ ভিতৰৰ পৰা বাহিৰ কৰি অনা হয় সাপডাল। সাপডালৰ দৈর্ঘ্য আছিল প্রায় ৪ ফুট। অৱশ্যে শৰীৰৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই অনাৰ পিছত সেইডাল জীৱিত নে মৃত আছিল, সেইটো স্পষ্ট নহয়।
ইয়াৰ পিছতেই একাধিক ভিডিঅ ভাইৰেল হয় ছচিয়েল মিডিয়াত। তাত দেখা যায়, কেনেদৰে অস্ত্রোপচাৰৰ যন্ত্রৰে মুখৰ ভিতৰৰ পৰা টানি বাহিৰ কৰি অনা হৈছে সাপডাল। ভিডিঅটোত এইটোও দেখা গৈছে, এই অস্ত্রোপচাৰৰ পিছত আতংকিত হৈ পৰে চিকিৎসকসকলো।










