নিউজ ডেস্ক:
ছেপ্টেম্বৰ মাহত ঘৰুৱা গেছ চিলিণ্ডাৰত চৰকাৰী ৰেহাই নাপাব। চৰকাৰে এই ছাবচিডি নিদিয়াৰ আঁৰত আছে এক ডাঙৰ কাৰণ। সেই কাৰণ হ’ল আন্তর্জাতিক বজাৰত এলপিজিৰ দাম হ্ৰাস হোৱাত ভাৰতত ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম ১৬২.৫০ টকা কমি ৫৮১.৫০ টকা হৈছে।
ইয়াৰ ফলত ছাবচিডি আৰু বিনা ছাবচিডি গেছৰ দাম সমান হৈ গৈছে। আৰু সেই কাৰণেই এই মাহত আপোনাৰ একাউন্টত ছাবচিডিৰ ধন নোসোমায়। সংবাদ প্ৰতিবেদন অনুযায়ী, কেন্দ্ৰীয় চৰকাৰে মে’ মাহত ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য পৰিবর্তন কৰাৰ সময়তেই ছাবচিডি শেষ কৰাৰ সিদ্ধান্ত লৈছিল।
আৰু সেই কাৰণে মে’, জুন আৰু জুলাই মাহত গ্রাহকসকলৰ বেঙ্ক একাউন্টত ছাবচিডিৰ ধন সোমোৱা নাই। গেছ চিলিণ্ডাৰৰ বজাৰ মূল্য অথবা বিনা ছাবচিডিৰ চিলিণ্ডাৰৰ দাম বহুখিনি কমি গৈছে। আৰু সেই কাৰণে বিনা ছাবচিডি আৰু ছাবচিডিযুক্ত গেছ চিলিণ্ডাৰৰ দাম প্রায় সমান হৈ গৈছে। এই কাৰণেই চৰকাৰে এতিয়া ঘৰুৱা গেছ চিলিণ্ডাৰৰ ছাবচিডি দিয়া বন্ধ কৰি দিছে।










