দুই ভগ্নীৰ মাৰপিটৰ বাবে বিমান উৰণত বিলম্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। বৰ্ডিঙৰ সময়ত বিমানৰ জেট ব্রিজৰ মাজতেই দুই মহিলাৰ মাৰপিটৰ দৃশ্য কেমেৰাত বন্দী হয়। পিছত এই ভিডিও ছচিয়েল মিডিয়াত বিয়পি পৰে।
ঘটনাটো আমেৰিকাত দেওবাৰে নিউ য়র্কৰ লা গুৱার্ডিয়া বিমানবন্দৰৰ। স্থানীয় সংবাদ মাধ্যমৰ সূত্রে জানিব পৰা মতে, যি দুগৰাকী মহিলাই যুঁজ কৰিছিল তেওঁলোক সম্ভৱত সতীয়া অথবা সহোদৰা ভনী। নিউ য়র্কৰ পৰা বিমানখন গৈছিল আটলান্টালৈ। বিমানত উঠাৰ সময়ত দুই ভনীৰ কোনো বিষয়ক লৈ মতবিৰোধ আৰম্ভ হয়, তাৰ পৰা হতাহতি আৰু শেষত মজিয়াত বাগৰি ঘোচাঘুচি পৰ্যন্ত পায়গৈ।
ভিডিওত দেখা গৈছে বিমানত উপস্থিত অন্য কোনোৱে প্রথমে তেওঁলোকৰ যুদ্ধ ভঙাৰ বা মধ্যস্থতাৰ চেষ্টা কৰা নাই। দূৰৰ পৰা দর্শকৰ ভূমিকা পালন কৰে। শেষত এগৰাকী মহিলা আৰু তেওঁৰ পিছে পিছে এজন ব্যক্তিক ‘যুদ্ধক্ষেত্র’ৰ দিশে আগুৱাই যোৱা দেখা যায়। কিন্তু যুদ্ধৰ ফলাফল কি হ’ল সেয়া জনাৰ পূৰ্বেই ভিডিওটি শেষ হয়।
সংবাদ মাধ্যমৰ সূত্র মতে, এই যুদ্ধৰ খবৰ লাভ কৰে নিৰাপত্তাৰক্ষীয়ে। তেওঁলোক আহি দুই মহিলাকে বিমানৰ পৰা নমাই লৈ যায়। দুই ভনীক আৰু বিমানখনত যাত্ৰাৰ অনুমতি দিয়া নহয়।
বিমান সংস্থা, ডেলটা এয়াৰলাইনছৰ তৰফৰ পৰা জনোৱা হয়, আচলতে সেই দুগৰাকী মহিলাক নমাই দিয়াৰ পিছত তেওঁলোকৰ লাগেজসমূহ বিচাৰি উলিয়াওতে সময় লাগে। তাৰ কাৰণেই বিমান উৰণত পলম হয়।










