ট্ৰেফিক ছিগনেলত সন্তানক কোলাত লৈ চলন্ত গাড়ীৰ ওচৰত আহি ভিক্ষা খোজা প্রায়েই আমি দেখা পাওঁ। সৰু সৰু শিশুসকলৰ মুখৰ ফালে চাই বহুতেই তেওঁলোকৰ হাতত তুলি দিয়ে টকা। কিন্তু সকলো ক্ষেত্রতেই যে তেওঁলোক বাধ্য হৈ ভিক্ষা কৰে তেনে নহয়। কোনো কোনোৱে আকৌ ইয়াক ব্যৱসায় হিচাপে লৈ মিছা অভিনয় কৰি ধন উপাৰ্জন কৰে৷
শ্লামডগ মিলিয়নিয়াৰ ছবিখন চালে বিজা যায় যে এইসকল ভিক্ষাৰীৰ পিছফালে কাম কৰে আণ্ডাৰ ৱৰ্লডৰ ব্যৱসায়ীসকলে। আজি ইয়াত যিটো ঘটনা আলোচনা কৰিব ওলোৱা হৈছে সেইটো এগৰাকী মহিলাৰ। আৰবলৈ ফুৰিবলৈ আহি তেওঁ কিবা প্ৰকাৰে এই পেছাত জড়িত হৈ পৰে।
শুনি আচৰিত হ’ব, মহিলাগৰাকীয়ে প্রতিমাহত কেৱল ভিক্ষা কৰিয়ে উপাৰ্জন কৰে প্রায় ১৯ লাখ টকা। ঘটনাটি ঘটিছে সংযুক্ত আৰব আমিৰশাহীত। আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ পিছত ঘটনাৰ পম খেদি গ্রেপ্তাৰ কৰে মহিলাগৰাকীক। ডুবাই আৰক্ষীৰ বিষয়া, বি আব্দুল হামিদ আব্দুল্লাহ আল হাচিমিয়ে কয় যে, ভিক্ষাৰীগৰাকী আৰবৰ বাসিন্দা নহয়। তেওঁ ভ্রমণ ভিছাত কোনো পর্যটন কোম্পানীৰ মাধ্যমেৰে ভিক্ষাবৃত্তিত আহি জড়িত হয় ডুবাইত। যোৱা মাহত কেৱল ভিক্ষা কৰিয়ে তেওঁ এক লাখ ডিৰহাম (আৰবৰ মুদ্ৰা) আয় কৰিছে।
তেওঁ লগতে জনায় যে, ডুবাইলৈ আহি যদি কোনো পৰ্যটকে ভিক্ষা কৰাটো ধৰা পৰে তেনেহ’লে তেওঁৰ পৰা ২ হাজাৰ ডিৰহাম জৰিমনা আদায় কৰা হয়। যি প্রতিষ্ঠানৰ মাধ্যমেৰে তালৈ গৈ মহিলাগৰাকী ভিক্ষাবৃত্তিত নিযুক্ত হৈছে সেই প্ৰতিষ্ঠানকো জৰিমনা বিহা হ’ব।
এই প্রক্রিয়াৰ যদি পুনৰাবৃত্তি হয়, তেনেহ’লে উক্ত প্রতিষ্ঠানটোক ব্লেক লিষ্টেড কৰা হ’ব বুলি জনাইছে। ডুবাইৰ সংবাদ মাধ্যম খালিজ টাইমছে জনাইছে, ২০১৮ চনত ডুবাইৰ পৰা একেই অভিযোগত প্রায় ২৪০ জনক গ্রেপ্তাৰ কৰিছিল ডুবাই আৰক্ষীয়ে। ৰমজান মাহত এই সংখ্যা খুব বাঢ়ি যায় ডুবাইত। প্ৰতি বছৰেই ৰমজান মাহত এই অনিয়ম চম্ভালিবলৈ দেশখনৰ আৰক্ষী বিভাগ তৎপৰ হৈ থাকে৷










