১০ বছৰৰ ভিতৰত চৰকাৰে পাবলগীয়া নির্ধাৰিত টকা পৰিশোধ কৰিব লাগিব টেলিকম কোম্পানীবোৰে৷ অন্যথা টেলিকম কোম্পানীবোৰক আদালত অৱমাননাৰ অপৰাধত অভিযুক্ত কৰা হ’ব। মঙ্গলবাৰে ছুপ্রিম কোর্টে এই ৰায় ঘোষণা কৰে। তাৰ লগতে ন্যায়াধীশ অৰুণ মিশ্রৰ বিচাৰপীঠে নির্দেশ দিয়ে যে ২০২১ চনৰ ২০ ছেপ্টেম্বৰৰ ভিতৰত টেলিকম কোম্পানীসমূহক বকেয়া ধনৰ অন্তত ৩০ শতাংশ পৰিশোধ কৰিব লাগিব।
দেশৰ শীর্ষ আদালতখনে আজি প্রতি বছৰে ৭ ফেব্রুৱাৰীৰ ভিতৰত নির্ধাৰিত বকেয়াৰ (এডজাষ্টেড গ্রছ ৰেভিনিউ) বার্ষিক অংশ পৰিশোধ কৰিব লাগিব। অন্যথা সংশ্লিষ্ট কোম্পানীবোৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হ’ব।
ছুপ্রিম কোর্টৰ যোৱা বছৰৰ নির্দেশ মানি বকেয়া পৰিশোধ নকৰা টেলি-কোম্পানীসমূহৰ বিৰুদ্ধে ৰুজু হোৱা আদালত অৱমাননাৰ এটি গোচৰ আজি ন্যায়াধীশ মিশ্র নেতৃত্বাধীন তিনিগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে খাৰিজ কৰে। লগতে বকেয়া পৰিশোধৰ বাবে টেলি-কোম্পানীবোৰক আগন্তুক চাৰি সপ্তাহৰ ভিতৰত ব্যক্তিগত গেৰাণ্টি দিয়াৰ নির্দেশ দিছে ছুপ্রিম কোর্টে।
উল্লেখ্য যে স্পেকট্রাম আৰু লাইচেন্সৰ বাবদ ডিপার্টমেন্ট অব টেলিকমিউনিকেচনছ (ডিঅ’টি)-এ ৫০ হাজাৰ কোটি টকা পাবলগীয়া আছে টেলিকম কোম্পানী ভোডাফোনৰ পৰা। ইয়াৰে ভিতৰত ভাৰতী এয়াৰটেলৰ বকেয়া আছে ৩৫ হাজাৰ ৫৮৬ কোটি টকা। ইয়াৰ উপৰি এমটিএনএল, বিএছএনএল, ৰেলায়েন্স কমিউনিকেচনছ, টাটা কমিউনিকেচনছৰ দৰে চৰকাৰী-বেচৰকাৰী টেলি-কোম্পানীবোৰৰ বকেয়া আছে চৰকাৰৰ ওচৰত।










