সম্পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ল প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জী। দিল্লীৰ লোডী ৰোডত সামৰিক সন্মানেৰে শেষ বিদায় জনোৱা হ’ল দেশৰ ১৩ সংখ্যক ৰাষ্ট্রপতিগৰাকীক। লগে লগে অৱসান ঘটিল ৰাজনীতিবিদ প্রণৱ মুখাৰ্জীৰ বৰ্ণিল যুগৰ।
উল্লেখ্য যে চিকিৎসাধীন অৱস্থাত প্রণৱ মুখাৰ্জীৰ কোভিড পজিটিভ ৰিপোর্ট আহিছিল। সেয়ে দিল্লীৰ ৰাজাজি ৰোডৰ ঘৰৰ পৰা আৰম্ভ কৰি লোডী ৰোড মহাশ্মশান, সর্বত্রেই কোভিড প্রটোকল মানি শেষকৃত্য কৰা হয়।
পিপিই কিট পিন্ধিয়েই অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে পুত্র অভিজিৎ মুখাৰ্জীয়ে। পৰিয়ালৰ অন্যান্য সদস্যসকলেও পিপিই কিট পিন্ধি অংশগ্ৰহণ কৰে শেষকৃত্যত। ইয়াৰ উপৰি কোভিড প্রটোকল মানি শ্মশানতো মানুহৰ সংখ্যা সীমিত ৰখা হৈছিল।










