![]()
নিউজ ডেস্কঃ
সম্পূর্ণ ৰাষ্ট্রীয় মর্যাদাৰে দিল্লীত শেষকৃত্য সম্পন্ন হ’ব প্রয়াত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ। তাৰ পূৰ্বে দিল্লীৰ ৰাজাজি মার্গত তেওঁৰ বাসভৱনত ৰখা হৈছে তেওঁৰ মৃতদেহ। শ্রদ্ধা জনাইছে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
শ্রদ্ধা জনাইছে শাসক-বিৰোধী সকলো দলৰ ৰাজনীতিবিদসকলৰ লগতে বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিসকলে। আজি দুপৰীয়া ২.৩০ বজাত লোডী ৰোডৰ মহাশ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব।
https://twitter.com/ANI/status/1300658621512966145/photo/1
উল্লেখ্য, প্রায় তিনি সপ্তাহ চিকিৎসাধীন হৈ থকাৰ পিছত সোমবাৰে তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত সাত দিনৰ ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে কেন্দ্রই। এই সাত দিনত জাতীয় পতাকা অর্ধনমিত ৰখা হ’ব।
https://twitter.com/ANI/status/1300665294059261952/photo/1
আনহাতে, চিকিৎসাধীন অৱস্থাত প্রণৱ মুখাৰ্জীৰ কোভিড পজিটিভ ৰিপোর্ট আহিছিল। সেই কাৰণে তেওঁৰ শেষকৃত্য হ’ব কোভিডৰ সকলো প্রটোকল মানি। সামৰিক বাহিনীৰ সজোৱা গাড়ীৰ সলনি মৃতদেহ শ্মশানলৈ নিয়া হ’ব বিশেষ গাড়ীত।
ইফালে ৰাজাজি ৰোডৰ বাসভৱনত শ্রদ্ধা জনাবৰ বাবে ৰখা হৈছে প্ৰণৱ মুখাৰ্জীৰ এখন ছবি। সেই ছবিতেই ফুল দি শ্রদ্ধা জনায় সকলোৱে।










