ধর্মই যে মানুহৰ মাজত ভেদাভেদ সৃষ্টি নকৰে, বৰং সকলো ধৰণৰ দূৰত্ব নোহোৱা কৰি মানুহক একতাৰ সূত্রে বান্ধে, সেয়া পুনৰবাৰ প্রমাণিত হ’ল কর্নাটকৰ এখন গাঁৱত। হয়, উত্তৰ কর্নাটকৰ গাদাগ জিলাৰ ৰোন তালুকৰ হীৰেমান্নুৰ গাঁৱৰ কথাকে কোৱা হৈছে। ইয়াত প্রায় ২,৫০০ লোকে বাস কৰে। কিন্তু তেওঁলোকৰ মাজত এজনো ইছলাম ধর্মাৱলম্বী নাই। কিন্তু তাতে কি হ’ল, প্রতি বছৰে এই গাঁওখনে নিষ্ঠা সহকাৰে পালন কৰে মহৰম।
বৰ্তমানে নয়, এই ৰীতি প্রচলিত হৈ আহিছে ১০০ বছৰৰো অধিক সময় ধৰি। স্থানীয় ভাষাত ইয়াত মহৰম পৰিচিত আলে হাব্বা নামেৰে। গাঁওখনৰ এগৰাকী বর্ষীয়ান বাসিন্দা আনন্দাপ্পা জিগালুৰে জনায়, প্রতি বছৰেই অত্যন্ত নিষ্ঠাৰ সৈতে সকলো নিয়ম মানি তেওঁলোকে মহৰম পালন কৰে। আন এগৰাকী বাসিন্দা শিবাপ্পা ওলেকাৰে কয়, ক’ৰোনা সংক্রমণ আৰু লকডাউনৰ ফলত বিৰাট বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ অর্থনৈতিক অৱস্থা।
ফলত এই বছৰৰ মহৰমৰ বাবে কেইজনমান বাসিন্দাইহে অর্থ সাহায্য যোগাব পাৰিছে। প্রতি বছৰে গাঁৱৰ সকলো ঘৰৰ পৰাই আমি মহৰমৰ বাবে ধন সংগ্রহ কৰো। এই বছৰো হাজাৰ সমস্যাৰ মাজতো সামৰ্থ্য অনুযায়ী যিয়ে পাৰে অর্থ দান কৰিছে। জানিব পৰা মতে, ওচৰৰ গাঁও আৰাহুনাসি আৰু বেলাবাঙ্কি ৰপৰা মৌলবীসকল আহি প্রতি বছৰে মহৰমৰ নিয়ম-নীতি পালন কৰি দি যায়। কেৱল ইমানেই নহয়, হীৰেমান্নুৰ গাঁৱৰ প্রত্যেক যুৱকে ৰিবায়াত গান জানে। উল্লেখ্য, এই গান মহৰমৰ সৈতে ওতপ্রোতভাৱে জড়িত।
গাঁৱৰ আৰু দুগৰাকী বাসিন্দা ৰমেশ টলৱাৰ আৰু কাশেপ্পা জাক্কান্নাভাৰে জনায়, মহৰমৰ আচাৰ-অনুষ্ঠান পালনৰ বাবে কোনো সংগঠনক জড়িত কৰা নহয়। ‘আমাৰ পূর্বপুৰুষসকলে প্রায় ৫০ বছৰ পূৰ্বে হীৰেমান্নুৰ গাঁৱত এটি মছজিদ নিৰ্মাণ কৰে। কিন্তু কেইবছৰমান পূৰ্বে সেই মছজিদটো ভাঙি পৰে। আমি ৱাকফ বোর্ডৰ ওচৰত এই মছজিদটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আবেদন জনাবলৈ যাওঁতে আমাক জনোৱা হয় যে ইয়াৰ বাবে ৰেজিষ্টার্ড সংগঠনৰ প্রয়োজন। তেতিয়াই আমি সিদ্ধান্ত লৈছিলো, গাঁওবাসীৰ পৰা অনুদান লৈয়েই লাহে লাহে মছজিদটো পুনৰ গঢ়ি তুলিম।’










