কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৬৯ হাজাৰ ৯২১ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। যাৰ ফলত দেশৰ মুঠ আক্রান্ত হ’ল ৩৬ লক্ষ ৯১ হাজাৰ ১৬৬ জন। এই সময়ছোৱাত আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৩৪ হাজাৰ ২৭ আৰু ৪৫ হাজাৰ ৯৬১ জন।
আক্রান্তৰ হিচাপত বিশ্বত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৬০ লক্ষ ২৯ হাজাৰ আৰু দ্বিতীয় স্থানত থকা ব্রাজিলত ৩৯ লক্ষ ৮ হাজাৰ।ইফালে যোৱা ২৪ ঘণ্টাত দেশত সংক্রমণ হাৰ ৭.৩৭ শতাংশ, পৰীক্ষা হৈছে ৯ লক্ষ ৪৮ হাজাৰ ৪৬০ জনৰ।
আনহাতে, এই পর্যন্ত মুঠ ২৮ লক্ষ ৩৯ হাজাৰ ৮৮২ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ তিনি চতুর্থাংশৰো বেছি সুস্থ হৈছে। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৬৫ হাজাৰ ৮১ জন।কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ৮১৯ জনৰ। ইয়াকে লৈ দেশত মুঠ ৬৫ হাজাৰ ২৮৮ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে।
ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ২৪ হাজাৰ ৫৮৩ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ মৃত্যু ৭ হাজাৰ অতিক্ৰম কৰিছে। কর্নাটকত মৃত্যুৰ সংখ্যা ৫ হাজাৰ ৭০২। দেশৰ ৰাজধানীত সেই সংখ্যা ৪ হাজাৰ ৪৪৪ জন। অন্ধ্রপ্রদেশ (৩,৯৬৯), উত্তৰ প্রদেশ (৩,৪৮৬), পশ্চিমবঙ্গ (৩,২২৮), গুজৰাট (৩,০২০) মৃত্যু তালিকাত ওপৰৰ ফালে আছে। পঞ্জাব (১,৪৫৩), মধ্যপ্রদেশ (১,৩৯৪), ৰাজস্থানত (১,০৫৬) মুঠ মৃত্যুই এহাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ পিছত তালিকাত আছে তেলেঙ্গানা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, বিহাৰ, ওড়িশা, ঝাড়খণ্ড, উত্তৰাখণ্ড, ছত্তীসগড়, গোৱাৰ দৰে ৰাজ্যসমূহ।
কোভিডত আক্রান্ত আৰু মৃত্যু দুয়োখন তালিকাতেই শীর্ষত মহাৰাষ্ট্র। ৰাজ্যখনত মুঠ আক্রান্ত ৭ লক্ষ ৯২ হাজাৰ ৫৪১ জন। অন্ধ্রপ্রদেশত মুঠ আক্রান্ত ৪ লক্ষ ৩৪ হাজাৰ ৭৭১ জন। তামিলনাডুত ৪ লক্ষ ২৮ হাজাৰ। চতুর্থ স্থানত থকা কর্নাটকত মুঠ সংক্রমিত হৈছে ৩ লক্ষ ৪২ হাজাৰ।
উত্তৰপ্রদেশতো মুঠ আক্রান্ত ২ লক্ষ ৩০ হাজাৰ। দিল্লী (১,৭৪,৭৪৮) আৰু পশ্চিমবঙ্গ (১,৬২,৭৭৮), বিহাৰ (১,৩৬,৪৫৭) আৰু তেলেঙ্গানাত (১,২৭,৬৯৭) মুঠ আক্রান্তৰ সংখ্যা উল্লেখযোগ্য। অসম আৰু ওড়িশাতো মুঠ আক্রান্তই এক লাখ অতিক্ৰম কৰিছে।










