নিউজ ডেক্স:
জেইই আৰু নিট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ চৰকাৰৰ সিদ্ধান্তক সমৰ্থন দিছে দেশৰ শিক্ষাবিদে৷ উল্লেখ্য যে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ১৫০ গৰাকী শিক্ষাবিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ সূচী অনুযায়ী জেইই আৰু নিট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰি বিৰোধীৰ কথাত গুৰুত্ব নিদিবলৈ কৈছে৷
যুৱ সমাজ আৰু শিক্ষার্থীসকল দেশৰ ভৱিষ্যৎ৷ ক’ভিড-১৯ৰ বাবে তেওঁলোকৰ কৰ্মজীৱনত অনিশ্চয়তা আহিব নালাগে৷ নামভৰ্ত্তি আৰু ক্লাছক লৈ বহু আশংকা আহি পৰিছে যিটো প্ৰাথমিক সমাধান কৰাৰ দৰকাৰ৷ ২৭ আগষ্টত শিক্ষাবিদসকলে প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰা হৈছে৷
মটিহাৰিৰ মহাত্মা গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সঞ্জীৱ শৰ্মা, আহমদাবাদৰ বাবা ছাহেব আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অনিল উপাধ্যায় আৰু কেৰালাৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰ’ ভি চি জে জয়প্ৰসাদৰ লগতে দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বহু শিক্ষকে এই পত্ৰত চহী কৰিছে৷ উল্লেখ্য যে ঘোষণা কৰা তাৰিখ মতেই চৰকাৰে জেইই আৰু নিট পৰীক্ষা চৰকাৰে আয়োজন কৰাৰ বিষয়ে সিদ্ধান্ত লৈছে৷
চৰকাৰৰ এই সিদ্ধান্তক স্বাক্ষৰকাৰীসকলে আদৰণি জনাইছে৷ আনহাতে পৰীক্ষা বাতিলৰ সন্দৰ্ভত কৰা আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে৷ যিকোনো মূল্যৰ বিনিময়ত যুৱ সমাজ আৰু শিক্ষাৰ্থীৰ সপোন আৰু ভৱিষ্যতৰ লগত আপোচ কৰিব নালাগে৷
কোনোৱে৷তেওঁলোকৰ নিজস্ব ৰাজনৈতিক এজেণ্ডাক চালিত কৰা আৰু চৰকাৰক বিৰোধিতা কৰাৰ বাবে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ চেষ্টা কৰিছে৷ আমি আশা আৰু বিশ্বাস কৰো আপোনাৰ শক্তিশালী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সফলতাৰে জেইই আৰু নিট পৰীক্ষা আয়োজন কৰিব৷










