উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাত সেনাৰ কনভয়ৰ ওপৰত উগ্ৰপন্থীৰ গ্রেনেড আক্ৰমণ। পথৰ কাষত বিস্ফোৰণ হয় গ্ৰেণেড। উগ্ৰপন্থীৰ এই আক্ৰমণত ছয়জন নাগৰিক আহত হৈছে। আহতসকলক হস্পিটেলত ভর্তি কৰোৱা হৈছে। উগ্ৰপন্থীৰ সন্ধানত ভাৰতীয় সেনাৰ জোৱানে এলেকাটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছে।
এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, বাৰামুলাৰ আজাদ গুঞ্জ ব্রিজৰ ওচৰত উগ্ৰপন্থীয়ে সেনাৰ কনভয়ক লক্ষ্য কৰি লয়। অৱশ্যে লক্ষ্য সঠিক নোহোৱাত গ্রেনেডটো ৰাস্তাৰ কাষত পৰি ফাটি যায়। গ্রেনেডৰ আঘাতত ছয়জন স্থানীয় নাগৰিক আহত হয়। তেওঁলোকক চিকিৎসাৰ বাবে হস্পিটেলত ভর্তি কৰোৱা হৈছে।










