নিউজ ডেক্স:
আজি সমগ্ৰ দেশত পালন হৈছে ইছলাম ধৰ্মালম্বী সকলৰ পৱিত্ৰ উৎসৱ মহৰম ৷ এই উৎসৱৰ বাবে মুছলমান সকলে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৷ মহৰম মাহৰ পৰাই ইছলাম ধৰ্মালম্বী সকলৰ নতুন বছৰ আৰম্ভ হয় ৷
আজিৰ এই পৱিত্ৰ ক্ষণতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইমাম হুছেইন (Husayn ibn Ali) ক শ্রদ্ধাঞ্জলি দি কয় , তেওঁৰ ওচৰত সত্যতা আৰু ন্যায়ৰ বাহিৰে আন একো নাছিল ৷নৰেন্দ্ৰ মোদীয়ে কয়, সম্য আৰু ন্যায্যতাৰ বিষয়ে ইমাম হুছেইন স্মৰণীয় আৰু এই কথাই অনেকক শক্তি যোগায় ৷ আজি প্ৰধান নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ জৰিয়তে এই মন্তব্য কৰে ৷
এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে উচ্চ ন্যায়ালয়ে মহৰম জুলুছ উলিওৱাত বাধা আৰোপ কৰিছে ৷ চিয়া ধৰ্ম গুৰু কলবে জব্বাদে দেশৰ বিভিন্ন চহৰত মহৰমৰ জুলুছ বাহিৰ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ পৰা অনুমতি বিচাৰি আবেদন কৰিছিল ৷ইয়াৰ পুৰ্বে ছুপ্ৰিম ক’ৰ্টে পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ অনুমতি প্ৰদান কৰিছিল ৷ যিহেতু সেইটো কেৱল এখন চহৰৰ মাজত সীমাৱদ্ধ আছিল , সেয়ে আদালতে অনুমতি দিছিল ৷
দেশৰ অন্য প্ৰান্তত ৰথযাত্ৰা বাহিৰ নহয় ৷ জব্বাদৰ আবেদনৰ শুনানিৰ সময়ত আদালতে স্পষ্ট ভাবে কৈছিল যে, যদি মহৰমত জুলুছ বাহিৰ কৰাৰ অনুমতি দিয়া হয়, তেতিয়াহলে এটা বিশেষ সম্প্রদায়ৰ মানুহৰ বিৰুদ্ধে ক’ৰোনাৰ দোষ চাপিব।
আনুমানিক ১৪০০ বছৰৰো পূৰ্বে -ইছলাম ধৰ্মালম্বী সকলৰ কাৰবালাৰ ময়দানত যুঁজ হৈছিল । এই যুঁজ মানুহৰ বাবে আৰু অত্যাচাৰৰ বিৰুদ্ধে হৈছিল । এই যুঁজত পয়গম্বৰ মোহম্মদৰ নাতি ইমাম হুছেইন আৰু তেওঁৰ ৭২ জন সতীৰ্থক শ্বহীদ কৰি দিয়া হৈছিল ৷










