নিউজ ডেক্স:
দেশ আত্মনিৰ্ভৰ হৈছে৷ তথাপি সকলো ক্ষেত্ৰতে প্ৰয়োজন আত্মনিৰ্ভৰতা৷ তেনেহ’লে খেলৰ বজাৰ কিয় বাদ পৰিব? ‘মন কি বাত’ অনুষ্ঠানত এইবাৰ খেলৰ বজাৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ আহ্বান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ তৰুণ আৰু যুৱ সমাজক দেশীয় প্ৰযুক্তিত খেলা সামগ্ৰী তৈয়াৰ কৰিবলৈ মোডীয়ে অনুৰোধ কৰে৷ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ উদ্ধৃতি দি মোডীয়ে কয়, খেলা এনে হোৱা উচিত যি শিশুৰ মনঃসংযোগ, সৃষ্টিশীলতাক আনিব পাৰে৷
প্ৰধানমন্ত্ৰীয়ে আক্ষেপেৰে কয়, প্ৰতি বছৰে ভাৰতৰ খেলৰ বজাত ৭ লাখ কোটি টকাৰ ব্যৱসায় হয়৷ অথচ ভাৰতৰ যোগদান অতি কম৷ ভাৰতৰ দৰে তৰুণ জনসংখ্যাৰ দেশত এইটো শুভা নাপায়৷ তেওঁৰ চৰকাৰে দেশী খেলা সামগ্ৰী প্ৰস্তুত কৰাত উৎসাহ প্ৰদান কৰিছে৷ যি ষ্টাৰ্টআপ কৰিছে, নতুন ব্যৱসায় খুলিছে তেওঁলোকৰ ওচৰত অনুৰোধ, আহক একেলগে আমি খেলৰ সামগ্ৰী তৈয়াৰ কৰো৷
লকেল ‘খেলা বাবে ভকেল’ হোৱাৰ সময় আহি গৈছে৷ প্ৰযুক্তিৰ যুগত কম্পিউটাৰ গেমছৰ চাহিদা উচ্চ৷ কিন্তু বেছিভাগ কম্পিউটাৰ গেমছেই বিদেশী৷ দেশৰ তৰুণ প্ৰতিভাৰ ওচৰত অনুৰোধ, ভাৰতৰ পুৰণা ধাৰণা লৈ গেম বনাওক৷ ইয়াত সফল হ’বই৷ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে, সম্পূৰ্ণ দেশত ছেপ্টেম্বৰ মাহটো নিউট্ৰেচন মাহ বা পুষ্টি মাহ হিচাপে পালন কৰা হ’ব৷
দিশৰ বিকাশত পুষ্টিৰ ভূমিকা অনস্বীকাৰ্য৷ এই সমগ্ৰ মাহ দেশজুৰি পুষ্টিক লৈ সচেতনতাৰ প্ৰচাৰ পৰা হ’ব৷ শিক্ষানুষ্ঠানত পুষ্টি সম্পৰ্কীয় শিক্ষা দিয়া হ’ব৷ অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসত শিক্ষাৰ্থীক স্বাধীনতা সংগ্ৰাম সম্পৰ্কে শিক্ষা দিবলৈ শিক্ষকসকলক অনুৰোধ কৰে প্ৰধানমন্ত্ৰীয়ে৷ ক’ৰোনাৰ সময়ত দেশৰ কৃষকৰ ভূমিকাকো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷










