নিউজ ডেক্স:
ভাৰতত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা মুঠতে ৩৫,৪২,৭৩৪ জন হ’লগৈ৷ আনহাতে এই ভাইৰাছত মুঠ মৃত্যু হৈছে ৬৩,৪৯৮ জন লোক৷
* লক্ষ্ণৌত সপ্তাহৰ অন্তিম দিনটোত লকডাউন৷
* ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত ৭৮,৭৬১ জন আক্ৰান্ত হয়৷
* ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত ৯৪৮ জনৰ মৃত্যু হয়৷
* তামিলনাডুত দেওবাৰে লকডাউন চলি আছে৷ ৩১ আগষ্ট পৰ্যন্ত প্ৰতি দেওবাৰে লকডাউন পালন কৰা হ’ব৷
* কেৰালাত ফুল বিক্ৰেতাৰ প্ৰচুৰ ক্ষতি৷
* যোৱা ২৪ ঘণ্টাত দেশত ১০ লাখৰো অধিক ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা জনাইছে৷
* কেলিফৰ্ণিয়াত যোৱা ২৪ ঘণ্টাত ক’ৰোনাত ৭০ জনৰ মৃত্যু৷ দেশখনত মৃত্যুৰ সংখ্যা ১২,৮৪১ জনলৈ বৃদ্ধি৷
* দক্ষিণ কোৰিয়াত যোৱা ২৪ ঘণ্টাত ২৯৯ জন আক্ৰান্ত৷
* মেলৰ্বনত ক’ৰোনা সংক্ৰমণ কমিছে৷
* ভাৰতত ক’ৰোনাত মৃত্যুৰ হাৰ ১.৮১ শতাংশ। বিশ্বৰ ভিতৰত ভাৰতত মৃত্যুৰ হাৰ সকলোতকৈ কম৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই কথা জনাইছে৷










