‘এক দেশ এক নিৰ্বাচন’ৰ লক্ষ্যত আৰু এখোজ আগুৱাল কেন্দ্র। প্রধানমন্ত্রীৰ দপ্তৰৰ সূত্রৰ খবৰ মতে, সম্প্রতি পঞ্চায়ত স্তৰৰ পৰা লোকসভা পর্যন্ত দেশত এইমাত্ৰ ভোটাৰ তালিকা প্ৰস্তুতৰ বাবে গুৰুত্বপূর্ণ বৈঠক হৈছে। এই বিধি কার্যকৰী কৰিবলৈ সংশ্লিষ্ট সংবিধান সংশোধন আৰু প্রয়োজনীয় পদক্ষেপৰ বিষয়ে আলোচনা হৈছে বৈঠকত।
উল্লেখ্য যে সংবিধান অনুযায়ী, দেশৰ স্থানীয় নির্বাচন অর্থাৎ পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন প্রক্রিয়াৰ সম্পূৰ্ণ দায়িত্ব থাকে ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত। এই স্থানীয় নির্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকাও প্ৰস্তুত কৰে ৰাজ্যি নির্বাচন আয়োগে। তাত কেন্দ্রীয় নির্বাচন আয়োগৰ কোনো হস্তক্ষেপ বা অধিকাৰ নাথাকে। এই পদ্ধতিৰেই সলনি কৰিব বিচাৰিছে মোদী চৰকাৰে। যোৱা ১৩ আগষ্টত এই লৈ প্রধানমন্ত্রীৰ কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হয়।প্রধানমন্ত্রীৰ প্রধান সচিব পি কে মিশ্রৰ নেতৃত্বত বৈঠকত এই সংক্রান্তীয় সংবিধান সংশোধনীক লৈ আলোচনা হয় বুলিও সূত্রটোত প্ৰকাশ।
উল্লেখ্য, ভাৰতীয় সংবিধানৰ ২৪৩-কে ধাৰাত পঞ্চায়ত আৰু ২৪৩ জেড-এ ধাৰাত পৌৰসভা নির্বাচনৰ বিষয়ে উল্লেখ আছে। এই দুই ধাৰা অনুযায়ী পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন পৰিচালনা আৰু ভোটাৰ তালিকা প্ৰস্তুতৰ ভাৰ ন্যস্ত কৰা হৈছে ৰাজ্যিক নির্বাচন আয়োগৰ ওপৰত। লগতে কোৱা হৈছে, আয়োগৰ প্রধান অর্থাৎ ৰাজ্যিক নির্বাচন আয়ুক্ত নিয়োগ কৰিব ৰাজ্যপালে। ২৪৩ জেড-এ ধাৰাত পৌৰ নির্বাচনো একেদৰে পৰিচালনাৰ কথা কোৱা হৈছে।
সংবিধানৰ এই দুই ধাৰা সংশোধন কৰি স্থানীয় নির্বাচনকো কেন্দ্রীয় নির্বাচন আয়োগৰ অধীনলৈ অনাৰ বিষয়ত গুৰুত্বপূর্ণ অগ্রগতি হৈছে বুলি ১৩ আগষ্টৰ সেই বৈঠকৰ সূত্রত প্ৰকাশ। লগতে ৰাজ্য চৰকাৰসমূহেও যাতে কেন্দ্রীয় নির্বাচন আয়োগৰ ভোটাৰ তালিকা লৈয়ে নির্বাচন প্রক্রিয়া পৰিচালনাৰ ব্যৱস্থা কৰে, সেই বিষয়ত ৰাজ্যসমূহকো আবেদন জনোৱা হ’ব বুলি বৈঠকত সিদ্ধান্ত হৈছে।
২০১৪ চনত প্রথমবাৰ কেন্দ্রত ক্ষমতালৈ অহাৰ পিছত বিজেপি তথা নৰেন্দ্র মোদী চৰকাৰে এই ‘এক দেশ এক নিৰ্বাচন’ৰ তত্ত্ব সন্মুখলৈ আনিছিল। ইয়াৰ অর্থ, পঞ্চায়ত-পৌৰসভাৰ পৰা বিধানসভা বা লোকসভা নিৰ্বাচন— সকো একে সময়তে পাঁচ বছৰৰ বাবে কৰাৰ পক্ষত প্ৰস্তাৱ উত্থাপন কৰিছিল প্রধানমন্ত্রীয়ে নিজেও। বহু সভাতো এই প্রচাৰ কৰিছে নৰেন্দ্র মোদীয়ে।
প্রধানমন্ত্রী আৰু বিজেপিৰ যুক্তি আছিল, এই প্রক্রিয়া কার্যকৰী কৰিলে নির্বাচনৰ বিপুল খৰচ ৰাহি হ’ব। ২০১৯ৰ লোকসভা নির্বাচনৰ পূৰ্বেও সমগ্ৰ দেশত এখনেই ভোটাৰ তালিকা প্ৰস্তুতৰ পক্ষত প্রচাৰ চলাইছিল বিজেপিয়ে। পর্যবেক্ষসকলৰ মতে, এখনেই ভোটাৰ তালিকা প্ৰস্তুতৰ পদক্ষেপ গ্ৰহণ কৰি ধীৰে ধীৰে ‘এক দেশ এক নিৰ্বাচন’ৰ দিশেই আগবাঢ়িছে নৰেন্দ্র মোদী চৰকাৰ।










