প্রবাসী ভাৰতীয়সকলৰ মন জয় কৰিবলৈ সপৰিয়ালে ভাৰতলৈ আহি গুজৰাট-দিল্লী ঘূৰি গৈছে। ভাৰতীয় প্রধানমন্ত্রীক কাষত লৈ বিশাল সভাৰো আয়োজন কৰিছে নিজৰ দেশত। কিন্তু ভাৰতীয় এগৰাকী বংশোদ্ভৱকৰ ওপৰতে এইবাৰ সমালোচনাৰে জঁপিয়াই পৰিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ডেমোক্ৰেট ৰাষ্ট্ৰপতি পদপ্রার্থী জো বাইডেনে উপ-ৰাষ্ট্ৰপতি হিচাবে মনোনীত কৰা কমলা হেৰিছক ‘অযোগ্য’ বুলি ক’লে তেওঁ। আনকি যোগ্যতাৰ মাপকাঠিত কমলাতকৈ জীয়াৰী ইভাঙ্কা বহু আগত বুলিও দাবী কৰে ট্রাম্পে।
এদিন পূৰ্বে আনুষ্ঠানিকভাবে ৰিপাব্লিকান শিবিৰৰ মনোনয়ন গ্রহণ কৰে ট্রাম্পে। তাৰ পিছত শুক্রবাৰে সপৰিয়ালে ৰিপাব্লিকান নেচনেল কনভেচনত যোগ দিয়ে। তাত সমর্থকসকলৰ সন্মুখত কমলা হেৰিছক তীব্র আক্রমণ কৰি কয়, ‘‘মইও বিচাৰো কোনো মহিলা ৰাষ্ট্ৰপতি নির্বাচিত হওঁক। কিন্তু তেওঁ (কমলা) যেনেদৰে ৰাষ্ট্ৰপতি পদ পোৱাৰ বাবে আগুৱাইছিল, তেনেদৰে কোনো মহিলাকে চাব বিচৰা নাই মই। তেওঁ একেবাৰেই যোগ্য নহয়।’’
ট্রাম্পে এই মন্তব্য কৰাৰ পিছতেই তেওঁৰ সমর্থকসকলে ইভাঙ্কাৰ নামত শ্লোগান দিবলৈ আৰম্ভ কৰে। তেতিয়া ট্রাম্পে কয়, ‘‘চাওক সকলোৱেই কৈছে, আমি ইভাঙ্কাক বিচাৰো।’’ ইয়াৰ পিছত কমলাক আক্রমণ কৰি ট্রাম্পে কয়, ‘‘তেওঁৰ কি যোগ্যতা? সৌন্দর্য?”










