কেন্দ্রীয় চৰকাৰৰ অসামৰিক সেৱা (UPSC) পৰীক্ষাত অংশ লোৱা মুছলিম পৰীক্ষার্থীসকলক লৈ বিতর্কিত এটি অনুষ্ঠানৰ সম্প্রচাৰ কৰা হৈছিল। ইউপিএছচিত কেনেদৰে মুছলিমসকলে জেহাদ চলাইছে সেয়া আছিল এই শ্বৰ মূল বিষয়। কিন্তু, আৰম্ভ হোৱাৰ পূৰ্বেই ইয়াক লৈ তৰা গোচৰৰ বাবে দিল্লী হাই কোর্টৰ নির্দেশত বন্ধ হ’ল সুদর্শন টিভি নামৰ এটি চেনেলৰ সেই অনুষ্ঠানটিৰ সম্প্রচাৰ। শুক্রবাৰে এই বিষয়ত স্থগিতাদেশ দেয় দিল্লী হাই কোর্টে।
স্থানীয় সূত্রে জনা গৈছে, ‘বিন্দাছ বোল’ নামৰ এই টিভি শ্বটিৰ সম্প্রচাৰ হোৱাৰ কথা আছিল শুক্রবাৰে নিশা আঠটাৰ পৰা। তাৰ পূৰ্বে বিতর্কিত শ্বটিৰ এটি প্রোমো প্ৰচাৰ কৰিছিল সুদর্শন টিভিয়ে। যাক প্ৰত্যক্ষ কৰিয়ে যোৱা ২৭ আগষ্টত শিক্ষা মন্ত্রালয়ৰ ওচৰত এই অনুষ্ঠানটি বন্ধ কৰাৰ আবেদন জনাই এখন পত্ৰ প্ৰেৰণ কৰে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে।
আনকি এই অনুষ্ঠান সম্প্রচাৰৰ চেষ্টা কৰাৰ বাবে সুর্দশন টিভিৰ প্রধান সুৰেশ ছাভাঙ্কৰক তীব্ৰ সমালোচনাও কৰে ইণ্ডিয়ান পুলিচ ছার্ভিচৰ পক্ষৰ পৰা। তাৰ পিছতো অনুষ্ঠান বন্ধ নৰখাৰ সিদ্ধান্ত লয় সুর্দশন টিভি কর্তৃপক্ষই।
ফলত বাধ্য হৈয়েই শুক্রবাৰে পুৱা দিল্লী হাই কোর্টত অনুষ্ঠানটি বন্ধ কৰাৰ আবেদন জনায় জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ অধিবক্তা সাধন ফাৰাছতে। তেওঁৰ আবেদনৰ প্ৰতি গুৰুত্ব দিয়ে বিতর্কিত অনুষ্ঠানটিৰ সম্প্রচাৰ স্থগিত ৰখা নির্দেশ দিয়ে দিল্লী হাই কোর্ট। অহা ৭ ছেপ্টেম্বৰত এই গোচৰৰ শুনানি হ’ব বুলি জানিব পৰা গৈছে।










