দেশত দৈনিক ক’ৰোনা আক্রান্তৰ সংখ্যা বিগত তিনি দিন ধৰি ৭৫ হাজাৰৰো বেছি। লগতে দৈনিক মৃত্যুও প্ৰতিদিনে এক হাজাৰ পাৰ কৰিছে। দৈনিক কৰোনা পৰীক্ষা হৈছে ৯ লাখৰ বেছি। সংক্রমণৰ হাৰো চাৰি দিন ধৰি আঠ শতাংশ হৈ আছে।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭৬ হাজাৰ ৪৭২ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে। যাৰ ফলত দেশৰ মুঠ আক্রান্তৰ সংখ্যা হৈছে ৩৪ লাখ ৬৩ হাজাৰ ৯৭২ জন।
ইফালে যোৱা ২৪ ঘণ্টাত দেশত সংক্রমণৰ হাৰ ৮.২৩ শতাংশ। আনহাতে, পৰাক্ষা হৈছে ৯ লক্ষ ২৮ হাজাৰ ৭৬১ জনৰ।এই পর্যন্ত মুঠ ২৬ লাখ ৪৮ হাজাৰ ৯৯৮ জন কৰোনাৰ কবলৰ পৰা মুক্ত হৈছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ তিনি চতুর্থাংশৰো বেছি সুস্থ হৈছে। যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ৬৫ হাজাৰ ৫০ জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, যোৱা ২৪ ঘণ্টাত ক’ৰোনাৰ ফলত মৃত্যু হৈছে ১ হাজাৰ ২১ জনৰ। ইয়াকে লৈ দেশত মুঠ ৬২ হাজাৰ ৫৫০ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রতেই মৃত্যু হৈছে ২৩ হাজাৰ ৭৭৫ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত ৭ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। আনহাতে, তৃতীয় স্থানত থকা কর্নাটকত মৃত্যুৰ সংখ্যা ৫ হাজাৰ ৩৬৮। দেশৰ ৰাজধানীত এই সংখ্যা ৪ হাজাৰ ৩৮৯ জন।
অন্ধ্রপ্রদেশ (৩,৭১৪), উত্তৰ প্রদেশ (৩,২৯৪), পশ্চিমবঙ্গ (৩,০৭৩), গুজৰাট (২,৯৭৬) মৃত্যু তালিকাত ওপৰৰ ফালে আছে।কোভিডত আক্রান্ত আৰু মৃত্যু দুয়োখন তালিকাতেই শীর্ষত থখা মহাৰাষ্ট্রত মুঠ আক্রান্ত ৭ লক্ষ ৪৭ হাজাৰ ৯৯৫ জন৷ দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ আক্রান্ত ৪ লক্ষ অতিক্ৰম কৰিছে৷










