শুকুৰবাৰে পুৱা চাৰে ১০টাত ছান্টাক্রুজ়ৰ ডিআৰডিঅৰ গেষ্টহাউছলৈ মাতি পঠিওৱা হৈছিল ২৮ বছৰীয়া ৰিয়াক। তাতেই বিগত এসপ্তাহ ধৰি বাহৰ পাতি আছে চিবিআইৰ চোৰাংচোৱাসকল। তাতেই মাতি আনি সোধপোধ কৰা হৈছে প্রয়াত অভিনেতাগৰাকীৰ সঙ্গীসকলক।
কালি পুৱা ১০.৪০ বজাত গেষ্ট হাউছত উপস্থিত হয় ৰিয়া। নিশা ৯টাৰ পিছত তাৰ পৰা ওলায়। চিবিআই সূত্রে জানিব পৰা মতে, পুনৰ মতা হ’ব ৰিয়াক।
ৰিয়াৰ সৈতে চিবিআইয়ে মাতি পঠাইছিল তেওঁৰ ভাতৃ শৌভিক চক্রৱর্তীকো। তেওঁকো কালি সোধপোছ কৰা হয়। শৌভিক আৰু ৰিয়াক পৃথকে সোধপোছ কৰা হয়, যাতে তেওঁলোকৰ ভাষ্যত কিবা বিসঙ্গতি থাকিলে সহজেই ধৰা পৰে।
ৰিয়াক সোধা ১০টা প্রশ্ন
• সুশান্তৰ মৃত্যুৰ খবৰ তেওঁক কোনে দিলে? তেতিয়া তেওঁ ক’ত আছিল?
• খবৰ পাই সুশান্তৰ বান্দ্রাৰ ফ্লেটলৈ গৈছিলনে? যদি যোৱা নাছিল, তেতিয়াহ’লে তেওঁ সুশান্তৰ মৃতদেহ কেতিয়া, ক’ত দেখিছিল?
• তেওঁ কিয় ৮ জুনত সুশান্তৰ ফ্লেট এৰি যায়?
• ফ্লেট এৰাৰ পূৰ্বে দুয়োৰে মাজত কাজিয়া হৈছিল নেকি?
• সুশান্তৰ ঘৰৰ পৰা গুচি যোৱাৰ পিছত, ৯ জুন আৰু ১৪ জুনৰ ভিতৰত সুশান্তৰ লগত কিবা কথা হৈছিলনে?
• এই ছয়দিনত সুশান্তই নিজে ৰিয়াক যোগাযোগৰ চেষ্টা কৰিছিল নেকি? ৰিয়া সেই ফোনকল বা মেছেজবোৰৰ উত্তৰ দিয়া নাছিল নেকি? কিয়?
• সুশান্তই এই সময়ছোৱাত ৰিয়াৰ পৰিয়ালৰ কাৰোবাৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল নেকি? কি কথা হৈছিল?
• সুশান্তৰ কি কি শাৰীৰিক আৰু মানসিক সমস্যা আছিল? কোন কোন চিকিৎসক আৰু মনোবিদক দেখুৱাইছিল? কি কি ঔষধ খাইছিল?
• সুশান্তৰ পৰিয়ালৰ সৈতে ৰিয়াৰ সম্পর্ক কেনেধৰণৰ আছিল?
• ৰিয়াই কিয় চিবিআই তদন্ত বিচাৰিছিল? তেওঁৰ ধাৰণা হৈছিল নেকি যে, সুশান্তৰ মৃত্যুৰ আঁৰত কোনো অপৰাধমূলক কাম জড়িত আছে?










