১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলৈ আগবাঢ়িছে সংসদৰ বৰ্ষাকালীন অধিবেশন। শুক্রবাৰেই জনোৱা হৈছে যে অধিবেশন আৰম্ভণইৰ ৭২ ঘন্টা পূৰ্বেই প্রত্যেক সাংসদৰ কৰোনা পৰীক্ষা কৰা হ’ব। কিন্তু এই ঘোষণা আগবঢ়োৱাৰ দিনাই কৰোনাই কাঢ়ি নিলে এগৰাকী সাংসদকত। প্ৰয়াত হ’ল তামিলনাডুৰ কন্যাকুমাৰীৰ কংগ্রেছ সাংসদ, এইচ বসন্তকুমাৰ। বয়স হৈছিল ৭০ বছৰ।
উল্লেখ্য যে কোভিড আক্রান্ত হোৱাত তেওঁ যোৱা ১০ আগষ্টত চেন্নাইৰ এপলো হস্পিটেলত ভর্তি হৈছিল। তেওঁৰ শৰীৰত গুৰুতৰ কোভিড-১৯ সংক্রমণজনিত নিউমোনিয়া দেখা দিছিল। ভর্তি হোৱাৰ পিছৰ পৰাই তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল। কালি সন্ধ্যা জীৱন যুদ্ধ শেষ হৈ যায়। ভাৰতত এই প্রথম কোভিডজনিত কাৰণত কোনো সাংসদৰ মৃত্যু হ’ল।
২০১৯ চনৰ নির্বাচনত প্রথমবাৰ সাংসদ হিচাবে নির্বাচিত হৈছিল বসন্তকুমাৰ। তাৰ আগতে তামিলনাডু বিধানসভাৰ সদস্য আছিল দুবাৰ। সংসদ সতীর্থৰ অকাল মৃত্যুত গভীর শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বসন্তকুমাৰৰ সৈতে তেওঁৰ নিজৰ এখন ফটো টুইট কৰে তেওঁ কয়, তামিলনাডুৰ উন্নয়নৰ প্রতি বসন্তকুমাৰৰ আবেগে তেওঁৰ মন কাঢ়ি নিছিল। প্রয়াত কংগ্ৰেছ সাংসদগৰাকীৰ পৰিয়াল তথা সমর্থকসকলৰ প্রতি সমবেদনা প্রকাশ কৰিছে মোদীয়ে।
শোক প্রকাশ কৰিছে ৰাষ্ট্রপতি ৰামনাথ কোভিন্দ, কংগ্রেছ নেতা ৰাহুল গান্ধীয়েও। কন্যাকুমাৰীৰ সাংসদগৰাকী এজন উদ্যোক্তা আৰু সমজকর্মী আছিল বুলি জনাইছে ৰাষ্ট্রপতিয়ে। ৰাহুল গান্ধীয়ে কয়, মানুহৰ সেৱা কৰাৰ বাবে কংগ্রেছৰ নীতিৰ প্রতি তেওঁ অঙ্গীকাৰ সকলো সময়তে মনত থাকিব।










