ৰাজ্যৰ বিভিন্ন কলেজত চলিছে নামভর্তি প্রক্রিয়া। তাৰ মাজতেই দক্ষিণ কলকাতাৰ এখন স্বনামধন্য কলেজ নিজৰ কীর্তিৰ বাবে এতিয়া বাতৰিৰ শিৰোনামত। উল্লেখ্য যে কালি প্ৰকাশিত আশুতোষ কলেজৰ ইংৰাজী বিভাগৰ মেধাৰ তালিকাত শীর্ষত নাম আছে অভিনেত্রী ছানি লিঅনিৰ।
আৰু তাৰ বাবেই আজি গোটেই দিনটো ৰাষ্ট্ৰীয় স্তৰত হাঁহিৰ খোৰাক যোগায় এই বিষয়টোৱে।
ছচিয়েল মিডিয়াত অগ্নিৰ গতিত শ্বেয়াৰ হৈ যায় আশুতোষ কলেজৰ এই মেধাৰ তালিকা। কিন্তু সেই তালিকা যে সুদূৰ কেলিফোর্নিয়াত থকা ছানি পর্যন্ত গৈ পাব তাক বোধহয় কোনোৱে ভবা নাছিল।
কিন্তু তাক লৈ টিটাৰত ৰসিকতা কৰিবলৈও নেৰে ছানি লিঅনিয়ে। তেওঁ টুইটত লিখে, ‘ব’লক তেতিয়াহ’লে, পৰৱর্তী ছেমিষ্টাৰত কলেজতে সাক্ষাৎ হ’ব। আশাকৰো, তোমালোকে ক্লাছত দেখিব পাবা।’
অৱশ্যে আশুতোষ কলেজৰ দৰে এখন স্বনামধন্য কলেজত এনেধৰণৰ গাফিলতি কেনেকৈ ঘটিল তাকে লৈ এতিয়া আৰম্ভ হৈছে বিতর্ক











