আধিপত্য আৰু সামৰিক শক্তি প্ৰদৰ্শ নকৰিবলৈ বুধবাৰে নিশা দক্ষিণ চীন সাগৰৰ বিতর্কিত এলেকাত প্ৰায় দুটা ক্ষেপণাস্ত্র নিক্ষেপ কৰে চীনে। উক্ত অঞ্চলটোত সাম্প্রতিক উত্তেজনাৰ মাজতে বেইজিঙৰ এই পদক্ষেপক কেন্দ্ৰ কৰি পেন্টাগনে কঠোৰ প্রতিক্রিয়া জনাইছে।
চীনৰ চৰকাৰী সংবাদ-পত্র ‘ছাউথ চাইনা মর্নিং পোষ্ট’ত বৃহস্পতিবাৰে প্ৰকাশ পায় যে ডংফেং ছিৰিজৰ মজলীয়া আকাৰৰ ডিএফ-২১ডি আৰু দূৰ লক্ষ্য ভেদ কৰিব পৰা জাহাজ-বিধ্বংসী ডিএফ-২৬বি বেলেষ্টিক ক্ষেপণাস্ত্র পৰীক্ষা কৰিছে পিপলছ লিবাৰেচন আর্মিয়ে। কুইংঘাই আৰু জিজিয়াং অঞ্চলৰ পৰা দুটাকৈ ক্ষেপণাস্ত্র এৰা হয় পেৰাচেল দ্বীপপুঞ্জৰ অদূৰৰ সমুদ্রত। চীনৰ প্রতিৰক্ষা বিভাগৰ মুখপাত্র উ কিয়ানে কয়, ‘‘পৰিকল্পিত সামৰিক আখৰাৰ অংশ হিচাবেই এই ক্ষেপণাস্ত্র পৰীক্ষা।’’
চীনৰ এই কাৰ্যত মার্কিন প্রতিৰক্ষা মন্ত্রালয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে, ‘‘দক্ষিণ চীন সাগৰৰ বিতর্কিত অঞ্চলক কেন্দ্ৰ কৰি এই সামৰিক অনুশীলন তাত উত্তেজনা প্রশমন আৰু স্থিতাৱস্থা বজায় ৰখাৰ নীতিৰ পৰিপন্থী।’’










