বেজী বা টীকা লোৱাটো আমাৰ বহুতৰ বাবে অসহ্যকৰ কথা৷ কোনোৱেতো বেজী দেখিলেই চিঞৰত গগন ফালে৷ কিন্তু এই ক্ষেত্ৰত আহিছে এক সু-খবৰ৷ আগন্তুক দিনত যেতিয়া কোভিড টীকা আৱিষ্কাৰ হ’ব তেতিয়া আমি সকলোৱেই ল’ব লাগিব এই টীকা৷
তেতিয়া যাতে কোনো ধৰণৰ বিষ অনুভৱ নহয় তাৰ বাবে প্রথমবাৰৰ বাবে ভাৰতত উৎপাদন কৰা সম্ভৱ হ’ল আমাৰ চুলিতকৈও সৰু মাইক্রোনিড্ল। ইয়াৰ ফলত ইঞ্জেকচনৰ বাবে আৰু চিৰিঞ্জৰ প্ৰয়োজন নহ’ব। লগতে বিষহীনভাবে সেই মাইক্রোনিড্লৰে যাতে আমাৰ শৰীৰত ঔষধ ঠেলি সুমুৱাই দিব পৰা যায় তাৰ বাবে বনোৱা হ’ল মাইক্রোপাম্পো।
অভিনৱ এই দুই উদ্ভাৱন কৰিছে খড়গপুৰ আইআইটিৰ ইলেকট্রনিক্স এণ্ড ইলেকট্রিকেল কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগে। এই সম্পৰ্কীয় গৱেষণা-পত্রখন প্রকাশিত হৈছে আন্তর্জাতিক বিজ্ঞান-জাৰ্নেল ‘নেচাৰ’ আৰু ‘আইইইই’ত। ইয়াত আৰ্থিক সাহায্য আগবঢ়াইছে কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্ৰালয় আৰু কেন্দ্রীয় ইলেকট্রনিক্স আৰু তথ্য-প্রযুক্তি মন্ত্ৰালয়ে।
উল্লেখ্য যে ‘পেইনলেছ ইঞ্জেকচন ডিভাইচ’ আমেৰিকাৰ লগতে কেইবাখনো দেশত আৰম্ভ হৈছে। মূল গৱেষক খড়গপুৰ আইআইটিৰ ইলেকট্রনিক্স এণ্ড ইলেকট্রিকেল কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক তৰুণকান্তি ভট্টাচার্যই কয়, ‘‘এডাল চুলিতকৈও সৰু হোৱা বাবে এই মাইক্রোনিড্লে শৰীৰত ফুটালে বিন্দুমাত্রও যন্ত্রণা অনুভৱ নহ’ব।
কাৰণ, এই বেজী আকাৰত ইমানেই চুটি আৰু সৰু যে সি আমাৰ শৰীৰৰ স্নায়ুবোৰক (নার্ভ) চুবই নাপাব। আৰু সেইবোৰ যথেষ্ট মজবুত কৰি বনাব পাৰিছো আমি। সেয়ে ছালৰ তলত সোমোৱাৰ সময়ত সেই বেজী ভাঙিও নাযাব।’’
মাইক্রোনিড্লসমূহৰ বাহিৰৰ ব্যাস মাত্র ৫৫ মাইক্রোমিটাৰ। আৰু ভিতৰৰ ব্যাস ৩৫ মাইক্রোমিটাৰ। বজাৰত প্ৰচলিত মাইক্রোনিড্লসমূহতকৈ ৮ গুণ মজুবত কৰি এই বেজীসমূহ বনোৱা হৈছে। যাৰ ‘ষ্টিফনেছ’ প্রায় ৫ গুণ (৪.৮ গুণ)। এই বেজীৰ মাধ্যমেৰে প্রতি ছেকেন্ডত ০.০১২ মাইক্রোলিটাৰ তৰল শৰীৰত সুমুৱাব পৰা যাব।











