দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাৰ বাবে শাসকীয় দল ৰিপাব্লিকান পার্টিৰ মনোনয়ন গ্রহণ কৰিয়েই প্রতিদ্বন্দ্বী ডেমোক্ৰেট প্রার্থী জো বাইডেনৰ বিৰুদ্ধে টোপ এৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে৷ বেলট যুদ্ধৰ ৰণশিঙা বজাই প্রতিদ্বন্দ্বীক ‘দুর্বল’ আখ্যা দি ট্রাম্পে কয়, ‘‘বাইডেন ক্ষমতালৈ আহিলে আমেৰিকা ধবংস হৈ যাব। ক্ষুণ্ণ হ’ব আমেৰিকাৰ মহত্ব। ভাঙি চুৰমাৰ হৈ যাব আমেৰিকাৰ ভৱিষ্যতৰ স্বপ্ন।’’
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে নির্বাচিত হৈ অহাৰ বাবে তেওঁৰ দলৰ মনোনয়ন বৃহস্পতিবাৰে নিশা ৰিপাব্লিকান পার্টৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শেষৰ দিনা আনুষ্ঠানিকভাবে গ্রহণ কৰে ট্রাম্পে।
মনোনয়ন গ্রহণ কৰিয়েই তেওঁৰ ভাষণত প্রতিদ্বন্দ্বী ডেমোক্ৰেট প্রার্থী বাইডেনক সমালোচনাৰ এডালৰ পিছত আনডাল কাঁড়েৰে শৰবিদ্ধ কৰিবলৈ আৰম্ভ কৰে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
ট্রাম্পে কয়, ‘‘জো বাইডেন একেবাৰেই আমেৰিকাৰ আত্মাৰ ৰক্ষাকর্তা নহয়।
তেওঁ ক্ষমতালৈ আহিলে মার্কিন নাগৰিকসকলৰ জীৱিকা আৰু উপার্জন বুলিবলৈ আৰু একোৱেই অৱশিষ্ট নাথাকিব। তেওঁ ৰাষ্ট্ৰপতি হ’লে আমেৰিকাৰ মহত্ব বেয়াকৈ ক্ষুণ্ণ হ’ব। ভাঙি চুৰমাৰ হৈ যাব আমেৰিকাৰ যাৱতীয় স্বপ্ন। আমেৰিকাৰ স্বপ্নক বচাই ৰাখিব পৰা যাবনে নাই সেয়া এই নির্বাচনতেই চূড়ান্ত হৈ যাব।’’
তেওঁ লগতে কয়, ‘‘বিশ্বাসঘাতকতা আৰু বিভ্রান্তিৰ সুদীর্ঘ ইতিহাস আছে বাইডেনৰ।’’










