পৰীক্ষা পিছুওৱাৰ আবেদন জনাই এইবাৰ ছুপ্রিম কোর্টৰ দ্বাৰস্থ হ’ল ছয় অ-বিজেপি শাসিত ৰাজ্যৰ চৰকাৰ। চিকিৎসা বিজ্ঞান আৰু আইআইটি প্ৰৱেশিকা পৰীক্ষাৰ ৰায় পুনর্বিবেচনা কৰি চাবলৈ শীর্ষ আদালতত তেওঁলোকে আবেদন জনায়।
পশ্চিমবঙ্গ, পঞ্জাব, মহাৰাষ্ট্র, ৰাজস্থান, ছত্তীশগড় আৰু ঝাড়খণ্ডে শুক্রবাৰে শীর্ষ আদালতত যৌথ আবেদন জমা দিয়ে। প্রত্যেক ৰাজ্যৰ পৰা একোজনকৈ মন্ত্রীয়ে তাত প্রতিনিধিত্ব কৰে।
আদালতত তেওঁলোকে জনাইছে যে, বর্তমান পৰিস্থিতিত লক্ষ লক্ষ পৰীক্ষার্থীৰ বাবে যান-বাহন আৰু প্রয়োজনীয় সামগ্রীৰ বন্দোবস্ত কৰা প্রায় অসম্ভৱ।
সেয়ে নিট আৰু জেইই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগ্রহী ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তা আৰু জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ সাময়িকভাৱে পৰীক্ষা স্থগিত ৰখা উচিত।










