বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-এ পূৰ্বতে যি নিৰ্দেশনা দিছিল তাক মানি অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত কলেজ আৰু বিশ্ববিদ্যালয়সমূহে বাকী থকা পৰীক্ষাসমূহ শেষ কৰিব লাগিব। ছুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত তিনিগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে আজি শুক্রবাৰে এই ৰায় প্ৰদান কৰে৷ লগতে জনাই দিয়ে যে, কোনো কাৰণতেই চূড়ান্ত বর্ষৰ পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ছাত্র-ছাত্রীক উত্তীৰ্ণ কৰাব নোৱাৰিব।
ছুপ্ৰিম কোৰ্টৰ খণ্ড বিচাৰপীঠখনে নিজৰ ৰায়ত আজি কয় যে যদি কোনো ৰাজ্যত কৰোনা পৰিস্থিতি খুব সঙ্কটজনক হয় তেতিয়াহ’লে সেইসমূহ ৰাজ্যৰ চৰকাৰে চৰকাৰে এই সময়সীমা বৃদ্ধিৰ বাবে ইউজিচিৰ ওচৰত আবেদন জনাব পাৰিব।
উল্লেখ্য যে ৬ জুলাইত বিশ্ববিদ্যালয়সমূহক ইউজিচিয়ে নির্দেশ দিছিল যে, ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতকৰ চূড়ান্ত বর্ষ আৰু শেষ ছেমিষ্টাৰৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব। এই ক্ষেত্ৰত কেইখনমান ৰাজ্যৰ চৰকাৰে এই নির্দেশনাৰ বিৰোধিতা কৰিছিল আৰু কৰোনাৰ সংক্ৰমণ তথা লকডাউনৰ মাজত কোনো পৰীক্ষা অনুষ্ঠিত কৰা কৰা সম্ভৱ নহয় বুলি জনাইছিল। আনহাতে, দিল্লী আৰু মহাৰাষ্ট্র চৰকাৰ ছুপ্ৰিম কোৰ্টৰ শৰণাপন্ন হৈছিল।










