নিউজ ডেস্কঃ
ক’ৰোনা ভাইৰাছক কেন্দ্র কৰি প্রথমৰ পৰাই মোদী-ৰাহুলৰ বিতৰ্ক তুঙ্গত। ভাইৰাছ বিয়পি পৰাৰ পৰা ভেকছিন আৱিষ্কাৰ, বিভিন্ন সময়ত কেন্দ্রৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে। সম্প্রতি এক টুইটত পুনৰ কেন্দ্রৰ গৃহীত সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হ’ল ৰাহুল গান্ধী।
ভাৰতৰ কৰোনা ভেকচিন সম্পৰ্কত কেন্দ্রৰ কি পৰিকল্পনা আছে, তাকে লৈ এইবাৰ কেন্দ্রেক আক্ৰমণ কৰিলে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীয়ে।
সম্প্রতি এক টুইট কৰি ৰাহুল গান্ধীয়ে কেন্দ্রক কটাক্ষ কৰি কৈছে, ‘ক’ৰোনা ভেকছিনক লৈ কি ভাবিছে কেন্দ্রীয় চৰকাৰে? চৰকাৰৰ পৰিকল্পনা এতিয়াই জনোৱা উচিত। চৰকাৰৰ কোনো কথাই গাত লগা নাই। চৰকাৰৰ এই আচৰণ খুবেই উদ্বেগজনক৷’
উল্লেখ্য যে, ভাৰতত ক’ৰোনা সংক্রমণৰ সংখ্যা ৩৩ লক্ষ পাৰ হৈছে। বৃহস্পতিবাৰৰ ৰিপোর্ট অনুসৰি ৭৫,৭৬০জন নতুনকৈ আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১,০২৩জনৰ মৃত্যুৰ পিছত মুঠ মৃতকৰ সংখ্যা হৈছে ৬০,৪৭২ জন। অৱশ্যে স্বস্তিৰ খবৰ এয়ে যে এতিয়ালৈ প্রায় ২৫ লাখ মানুহ ইতিমধ্যেই সুস্থ হৈ উঠিছে। আনহাতে, ৭,২৫,৯৯১জনৰ চিকিৎসা চলি আছে।










