নিউজ ডেক্স:
বৃহস্পতিবাৰে বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্তই শেষ নিশ্বাস ত্যাগ কৰে। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় শিল্পীগৰাকী। মহানগৰীৰ হেলথ চিটি হস্পিটেলত তেওঁ আজি শেষ নিশ্বাস ত্যাগ কৰে। অৰ্চনা মহন্তৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছা পৰিছে।
বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যুত এতিয়া গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।টুইটাৰযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰেৰণ কৰিলে শোকবাৰ্তা।










