এইবাৰ নিট-জেইই পৰীক্ষা-বিতৰ্কত নতুন মোৰ৷ কৰোনা পৰিস্থিতিৰ কাৰণে বিৰোধীয়ে নিট আৰু জেইইৰ পৰীক্ষা পিছুওৱাৰ দাবীৰ বিৰোধিতা কৰিছে দেশর ডেৰ শতাধিক শিক্ষাবিদে। তেওঁলোকৰ দাবী, চিকিৎসাবিজ্ঞান আৰু ইঞ্জিনিয়াৰিঙৰ প্রৱেশিকা পৰীক্ষা পুনৰ পিছুৱাই দিলে শিক্ষাৰ্থীসকলৰ ক্ষতি হ’ব। এই সম্পৰ্কত তেওঁলোকে স্পষ্ট অভিমত জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এক পত্ৰও লিখিছে৷
দেশ আৰু বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত কর্মৰত শিক্ষাবিদসকলে পত্ৰখনত অভিযোগ কৰি লিখিছে, ‘‘ৰাজনৈতিক এজেণ্ডা পূৰণ কৰাৰ বাবে শিক্ষার্থীসকলৰ ভৱিষ্যতক লৈ খেলা আৰম্ভ হৈছে।’’ ছাত্র আৰু যুৱ-সমাজ দেশৰ ভৱিষ্যৎ। কিন্তু কোভিডৰ অভিশাপত তেওঁলোকৰ কেৰিয়াৰ অনিশ্চয়তাৰ ফালে গতি কৰিছে। সেয়ে নামভর্তি আৰু শ্ৰেণী আৰম্ভণি সংক্রান্তীয় অনিশ্চয়তাবোৰ সোনকালে দূৰ কৰা প্রয়োজন।’’
এতিয়া দিল্লী আইআইটি, বিএইউচইউ, জেএনইউৰ দৰে দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠান আৰু লণ্ডন, কেলিফোর্নিয়া, জেৰুজালেমসহ নানা বিদেশী বিশ্ববিদ্যালয়ত কর্মৰত ভাৰতীয় শিক্ষাবিদসকলৰ এই পত্ৰই পৰীক্ষা-বিতর্কত নতুন মাত্রা দিছে।










