ক’ৰোনা পৰিস্থিতিৰ মাজতে নিট আৰু জেইই পৰীক্ষাৰ আয়োজন পিছুৱাই দিয়াৰ আর্জি লৈ ছুপ্রিম কোর্টৰ দ্বাৰস্থ হ’বলৈ আগবাঢ়িছে বিৰোধীশাসিত ৰাজ্যসমূহ। কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধী আৰু বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ আহ্বানত বিৰোধী মুখ্যমন্ত্রীসকলৰ বৈঠকত বুধবাৰে আলোচনা কৰি আইনী পথলৈ যোৱাৰ সিদ্ধান্তই চূড়ান্ত হৈছে।
অতিমাৰিৰ মাজত এই পৰীক্ষাই লক্ষ লক্ষ ছাত্র-ছাত্রী তথা অভিভাৱকসকলক বিপদত পেলাব বুলিয়েই তাক পিছুৱাই দিয়াৰ বাবে কেন্দ্রক আবেদন জনোৱাৰ উপৰি কালি বিৰোধী মুখ্যমন্ত্রীসকলৰ ভার্চুৱেল বৈঠকত বিষয়টোৰ ওপৰত আলোচনাৰ প্রস্তাৱ দিছিল মমতাই। বৈঠকত তেওঁৰ প্রস্তাৱ মানিয়েই পঞ্জাবে অন্য ৰাজ্যসমূহক লগত লৈ ছুপ্রিম কোর্টৰ মত পুনর্বিবেচনাৰ বাবে যৌথ আইনী আবেদনৰ বিষয়টো সমন্বয় কৰাৰ ভাৰ লৈছে।
উল্লেখ্য যে অহা ১ ছেপ্টেম্বৰৰ পৰা নিট আৰু জেইই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুতি আৰম্ভ কৰিবলৈ কোৱা হৈছে নেচনেল টেষ্টিং এজেন্সিক। কেন্দ্রীয় পৰীক্ষা হ’লেও তাৰ আয়োজনৰ ব্যৱস্থা কৰিব লাগিব ৰাজ্যসমূহে। কৰোনা পৰিস্থিতিত লক্ষ লক্ষ ছাত্র-ছাত্রীক যাতে কৰোনা সম্ভাৱনাৰ মুখলৈ ঠেলি দিয়া নহয়, তাৰ বাবে পৰীক্ষা পিছুৱাই দিয়াৰ দাবী তুলিছে বিভিন্ন ৰাজ্যই। কিন্তু ছুপ্রিম কোর্টৰ অভিমতৰ কথা উল্লেখ কৰি কেন্দ্রই এতিয়াও সেই দাবী মানি লোৱা নাই।










