ঘৰলৈ আহি প্ৰতিবেশী ১১ বছৰীয়া কিশোৰে মোবাইলত গেম খেলিবলৈ আব্দাৰ কৰাই অপৰাধ। ডিঙি চেপি হত্যা কৰিলে চুৰাটৰ ২০ বছৰীয়া যুৱকে। নিহত কিশোৰটোৰ নাম আকাশ তিৱাৰী। চুৰাটৰ পান্দেচাৰা এলেকাৰ জীৱনদীপ নগৰ ছচাইটীৰ বাসিন্দা কিশোৰটো।
আকাশৰ পিতৃ সন্তোষ তিৱাৰীয়ে স্থানীয় এক বস্ত্র উদ্যোগত নিৰাপত্তাৰক্ষীৰ কাম কৰে। প্ৰতিবেশী অমন শিভাৰৰ সৈতে তেওঁৰ খুব ভাল সম্পর্ক আছিল। কেতিয়াও ভাবিব পৰা নাছিল ২০ বছৰীয়া হাঁহিমুখীয়ে যুৱকজনে তেওঁৰ একমাত্র পুত্ৰক সামান্য মোবাইলৰ কাৰণে হত্যা কৰিব পাৰে।
পান্দেচাৰা থানাৰ পৰিদৰ্শক অল্পেশ চৌধুৰীয়ে প্ৰকাশ কৰা মতে, অমন ঘৰলৈ অহাৰ খবৰ পালেই তাৰ ওচৰলৈ দৌৰি আহে আকাশ। প্রতিবেশী খুড়াকৰ মোবাইলৰ বাবে আব্দাৰ কৰে। তাত গেম খেলিবলৈ ভালপায়। মঙ্গলবাৰে নিশাও অমনৰ ওচৰলৈ গেম খেলাৰ বাবে তাৰ মোবাইলটো বিচাৰে। কিন্তু বিৰক্ত হৈ অমনে খঙৰ জোৰত ১১ বছৰীয়া কিশোটিৰ ডিঙি চেপি হত্যা কৰে।
তাৰ পিছত খাটৰ তলত তাৰ মৃতদেহ লুকুৱাই ৰাখে। ইফালে নিশা হৈ যোৱাত পুত্ৰৰ সন্ধানত বাহিৰলৈ আহে সন্তোষ তিৱাৰী। বহু সময় বিচৰাৰ পিছতো পুত্ৰৰ সন্ধান নোপোৱাত তেওঁ থানাত আহি অভিযোগ কৰে। জীৱনদীপ নগৰ ছচাইটিলৈ আৰক্ষীয়ে সোধপোছ কৰে। অমনৰ কথাত আৰক্ষীৰ সন্দেহ হয়। তাক পৃথক স্থানলৈ নি সোধপোছ কৰা হয়।
আৰক্ষীৰ প্রশ্নৰ মুখত কিছু সময়ৰ ভিতৰতে নিজৰ দোষ স্বীকাৰ কৰি লয় অমনে। খাটৰ তলত আকাশৰ মৃতদেহৰ সন্ধান দিয়ে। আকাশৰ ডিঙিত অমনৰ আঙুলিৰ ছাপ দেখা যায়। অমনক আৰক্ষীয়ে পৰ্যবেক্ষণত ৰাখি তাৰ কৰোনা পৰীক্ষা কৰা হয়। পৰীক্ষাৰ ফল আহিলেই তাক গ্রেপ্তাৰ কৰা হ’ব বুলি প্ৰকাশ কৰে আৰক্ষী পৰিদৰ্শকগৰাকীয়ে৷










