
নিউজ ডেস্কঃ যেন অন্য এগৰাকী শকুন্তলা দেৱী! গণনা কৰাত কেলকুলেটৰতকৈও দ্রুত। অঙ্ক প্রতিযোগিতাত ১৩খন দেশৰ ২৯জন প্রতিযোগীক পিছ পেলাই আঁজুৰি আনিলে ‘দ্রুততম মানৱ কেলকুলেটৰ’ৰ সন্মান। তেওঁৰ নাম নীলকণ্ঠ ভানু প্রকাশ। দিল্লীৰ ছেণ্ট ষ্টিফেন্স কলেজৰ ছাত্র।
১৫ আগষ্টত লণ্ডনত আয়োজিত হয় মাইণ্ড স্পৰ্টছ অলিম্পিয়াড। তাত মেণ্টেল কেলকুলেচন ৱর্ল্ড চেম্পিয়নশ্বিপত প্রথম হয় এইগৰাকী গণিতৰ ছাত্র। ৬৫ পইণ্ট লাভ কৰি সোণৰ পদক লাভ কৰে প্ৰকাশে। তেওঁ কয়, ‘বিচাৰকসকল মোৰ অঙ্ক কৰাৰ গতি দেখি হতবাক।’
২০ বছৰীয়া ভানু আচলতে হায়দৰাবাদৰ বাসিন্দা। ইতিমধ্যেই চাৰিটাকৈ বিশ্ব ৰেকর্ড আৰু ৫০টা লিমকা ৰেকর্ডৰ অধিকাৰী তেওঁ। এইবাৰ তাৰ সৈতে যোগ হ’ল বিশ্বৰ দ্রুততম কেলকুলেটৰৰ শিৰোনাম। সংবাদ সংস্থা এএনআইকে এক সাক্ষাত্কামৰত নীলকান্তই কয়, ‘মোৰ মগজুৱে কেলকুলেটৰতকৈও দ্রুত গতিত কাম কৰে। এসময়ত এই ৰেকর্ড প্রখ্যাত দুই গণিতজ্ঞ স্কট ফ্লেনছবার্গ আৰু ভাৰতৰ শকুন্তলা দেৱীৰ নামত আছিল। সেই ৰেকর্ড ভঙাটো সঁচাকৈয়ে ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়। ভাৰতক অঙ্কৰ জগতত প্রতিষ্ঠিত কৰিবলৈ মোৰ যিমানখিন সাধ্য সেয়া কৰিছো।’
উল্লেখ্য যে ১৯৯৮ চনত প্রথম আৰম্ভ হৈছিল মাইণ্ড স্পর্টছ অলিম্পিয়াড। এই বছৰ কৰোনাৰ কাৰণে অনলাইনত অনুষ্ঠিত হৈছে এই প্রতিযোগিতা। এই প্রথম কোনো ভাৰতীয়ই তাত সোণৰ পদক লাভ কৰে। ভানু প্রকাশৰ লক্ষ্য এটাই, শিশুসকলৰ ওচৰত অঙ্ক বিষয়টোক সহজ কৰি দাঙি ধৰা। ইয়াৰ বাবে ‘ভিজন মেথছ’ সৃষ্টি কৰিব বিচাৰে তেওঁ। তেওঁ কয়, চৰকাৰী স্কুলত যিসকলে পঢ়ে, তেওঁলোকৰ প্রতি চাৰিজনৰ ভিতৰত তিনিজনে অঙ্কক ভয় কৰে। বুজিবই নোৱাৰে। আৰু ইয়াৰ বাবে বহুতে স্কুল এৰিও দিয়ে। তেওঁলোকৰ ভয় দূৰ কৰিব বিচাৰে তেওঁ।










