
নিউজ ডেস্কঃ উত্তৰ প্রদেশৰ কৰোনা পৰিস্থিতি ক্রমশ গুৰুতৰ আৰু শোচনীয় হৈ উঠিছে। সংক্রমণ নিয়ন্ত্ৰণ হোৱাৰ কোনো লক্ষণেই দেখা যোৱা নাই৷ বিপৰীতে ব্যাপক হাৰত মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে। এই অৱস্থাত উত্তৰ প্রদেশৰ কোভিড পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰিলে এলাহাবাদ হাইকোর্টে। আজি এলাহাবাদ হাইকোর্টে জনায় যে, ৰাজ্যৰ পৰিস্থিতি চিন্তাজনক। যিবোৰ অঞ্চলত সংক্রমণ বাঢ়িছে তাত সম্পূর্ণ লকডাউনৰ বাহিৰে আৰু কোনো উপায় নাই বুলি নিজৰ পর্যবেক্ষণত জনাইছে হাইকোর্টে।
কৰোনা চিকিৎসা সম্পর্কীয় এক জনস্বার্থ জড়িত গোচৰত শুনানি প্ৰদান কৰিবলৈ গৈ আজি এনেদৰেই যোগী চৰকাৰক ভৰ্ৎসনা কৰে এলাহাবাদ হাইকোর্টে। আদালতে স্পষ্টভাবে জনায় যে, কৰোনা সংক্রমণ নিয়ন্ত্রণলৈ অনাত উত্তৰ প্রদেশ চৰকাৰ আৰু প্রশাসন সম্পূৰ্ণ ব্যর্থ হৈছে। সামাজিক দূৰত্ব বিধি বা সমাবেশ এৰাই চলাৰ দৰে নির্দেশৰ পালন হোৱা নাই। ফলত যি পৰিস্থিতি হৈছে তাত সম্পূর্ণ লকডাউনৰ বাহিৰে আৰু কোনো বিকল্প দেখা পোৱা নাই এলাহাবাদ হাইকোর্টে। চৰকাৰৰ ভূমিকাৰ সমালোচনা কৰি আদালতে কয়, ‘এইটো ঠিক যে সদিচ্ছাৰ অভাৱ নাই চৰকাৰৰ। তাৰ সৈতে এইটোও ঠিক যে যিমানখিনি পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন সেয়া কৰা হোৱা নাই। সংক্রমণ ৰুধিবলৈ আৰু কঠিন পদক্ষেপৰ প্রয়োজন।’
একে সময়তে উত্তৰ প্রদেশ চৰকাৰক জনোৱা হৈছে, কৰোনা ৰুধিবলৈ তেওঁলোকে এইবাৰ কি কি পদক্ষেপ ল’ব সেইবোৰো যেন আদালতক জনায়। চৰকাৰৰ সিদ্ধান্তত আদালত যদি সন্তুষ্ট নহয়, তেতিয়া পৰিস্থিতি আৰু জটিল হৈ উঠিব পাৰে যোগী চৰকাৰৰ বাবে।










