
নিউ ডেস্কঃ আমেৰিকাৰ সৈতে বন্ধুত্ব হৈছে ভাৰতৰ। বুকু ফুলাই দেশবাসীৰ ওচৰত এই কথা প্রকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ট্রাম্পৰ হাত হাত ধৰি ঘূৰি ফুৰা মোদীৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল। কিন্তু ভাৰতে আমেৰিকাক যিমানে বন্ধুভাৱে নলওক কিয়, আচলতে মার্কিন চৰকাৰৰ হৃদয়ত সেই বন্ধুত্ব আছেনে? এই প্রশ্নই এইবাৰ কৰিবলৈ বাধ্য কৰালে আমেৰিকাৰ সাম্প্রতিক এক নির্দেশনাই৷ নির্দেশনাটোত ট্রাম্প চৰকাৰৰ তৰফৰ পৰা আমেৰিকাবাসীৰ ওচৰত অনুৰোধ জনোৱা হৈছে যে তেওঁলোক যেন ভাৰত ভ্রমণলৈ নাযায়। কেৱল সেয়াই নহয়, এই পৰিপ্রেক্ষিতত ভাৰতত অপৰাধ আৰু সন্ত্রাসবাদৰ ঘাটি আছে বুলিও অভিযোগ তোলা হৈছে।
মার্কিন সংবাদ মাধ্যমৰ সূত্র মতে, সম্প্রতি আমেৰিকা চৰকাৰে তাৰ দেশবাসীক অনুৰোধ জনাইছে ভাৰত ভ্রমণলৈ নাযাবৰ বাবে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি চৰকাৰে কৈছে, ভাৰতত বর্তমান কৰোনা পৰিস্থিতি ব্যাপকভাবে বাঢ়িছে। ভাৰতলৈ যোৱাত বাৰণ কৰা কাৰণ সম্পৰ্কত ইয়াতকৈও ডাঙৰ কথা কৈছে যে ভাৰত অত্যন্ত অপৰাধ প্রৱণ দেশ। ইয়াৰ লগতে দেশখনত সন্ত্রাসবাদৰ প্ৰভাৱ ব্যাপক। স্পষ্টভাবে জনোৱা হৈছে যে ভাৰতৰ দৰে দেশত নাৰীজনিত অপৰাধ আৰু উগ্রপন্থা অত্যন্ত বেছি। ফলত তালৈ যোৱাটো মুঠেই অনুকূল নহয়।
ইয়াৰ উপৰি মার্কিন চৰকাৰৰ তৰফৰ পৰা ভাৰতক ৰেটিং দিয়া হৈছে মাত্র ৪। মার্কিন ৰেটিং তালিকাত এই চাৰিত ভাৰতৰ সৈতে আছে যুদ্ধবিধ্বস্ত ছিৰিয়া, সন্ত্রাসবাদৰ ঘাটি পাকিস্তান, ইৰাক-ইৰান-য়েমেনৰ দৰে দেশবোৰ। জানিব পৰা মতে, যোৱা ২৩ আগষ্টত ট্রাম্প চৰকাৰে এই ‘ট্ৰেভেল এডভাইজাৰী’ অৰ্থাৎ ভ্ৰমণ নিৰ্দেশনা জাৰি হৈছে আমেৰিকাবাসীৰ বাবে।
আমেৰিকাৰ তৰফৰ পৰা এনেদৰে কালিমা লগোৱাৰ পিছত স্বাভাৱিকতে ক্ষুব্ধ হৈছে ফেডাৰেচন অব এছোচিয়েচন ইন ইণ্ডিয়ান টুৰিজিম এণ্ড হস্পিটেলিটি। এই নির্দেশনা প্রত্যাহাৰৰ বাবে মার্কিন চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ অনুৰোধ কৰা হৈছে ভাৰত চৰকাৰৰ ওচৰত। এই ঘটনাত ভাৰতৰ পর্যটন উদ্যোগ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব বুলি অনুমান কৰা হৈছে। সাম্প্রতিক এক সমীক্ষা মতে ভাৰতলৈ যিমান সংখ্যক বিদেশী পর্যটক আহে তাৰ ভিতৰত সকলোতকৈ বেছি সংখ্যক আহে আমেৰিকান। আনকি যিসকল বিদেশী পর্যটক ভাৰতত থাকে তাৰ ভিতৰত সকলোতকৈ বেছি দিন ভাৰতত থাকে মার্কিন পর্যটকসকল। গড়ে প্রায় ২৯ দিন এজন মার্কিন পর্যটক ভাৰতত থকাৰ বিপৰীতে অন্যান্য দেশৰ পৰা অহা পর্যটকসকল থাকে মাত্র ২২ দিন।










