
নিউজ ডেস্কঃ হাওঁফাওঁৰ সংক্রমণৰ জটিলতাৰ মাজতে, প্ৰণৱ মুখাৰ্জীৰ কিডনিৰ অৱস্থাৰো কিছু অৱনতি ঘটিছে। বুধবাৰে এই কথা জনায় দিল্লীৰ সেনা হস্পিটেল কৰ্তৃপক্ষই।
উল্লেখ্য যে দুসপ্তাহৰ বেছি সময় হস্পিটেলত ভর্তি হৈ আছে দেশৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকী। মস্তিষ্কত অস্ত্রোপচাৰৰ পিছত তেওঁক ৰখা হৈছে ভেন্টিলেচনত। আজি হস্পিটেলৰ পৰা প্রকাশিত তেওঁৰ স্বাস্থ্য বুলেটিনত কোৱা হয়, ‘‘হাওঁফাওঁ সংক্রমণৰ চিকিৎসা চলিছে প্রণৱ মুখাৰ্জীৰ। মঙসবাৰতকৈ তেওঁৰ কিডনিৰ অৱস্থা (ৰেনেল পেৰামিটাৰ্ছ)ৰ সামান্য অৱনতি হৈছে। এতিয়াও গভীৰ কমাত আছে তেওঁ। ভেন্টিলেটৰতে ৰাখি চিকিৎসা চলিছে।’’










