
নিউজ ডেস্কঃ নিট-জেইইক লৈ কেন্দ্রৰ বিৰুদ্ধে থিয় দিয়াৰ সিদ্ধান্ত ল’লে অবিজেপি ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলে। তেওঁলোকৰ অভিযোগ, অতিমাৰি পৰিস্থিতিত পৰীক্ষাৰ আয়োজন কৰি শিক্ষাৰ্থীসকলক বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে। শিক্ষাৰ্থীসকল মানসিক অৱসাদত ভুগিবলৈ আৰম্ভ কৰিছে। তাৰ বাবে প্রয়োজনত ছুপ্রিম কোর্টলৈও যোৱা হ’ব পাৰে।
দেশৰ সাতখন অবিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রীসকলক লৈ বুধবাৰে ভার্চুৱেল বৈঠক কৰে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে। পৌৰোহিত্য কৰে বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। শিক্ষাৰ্থীসকলৰ ওপৰত জেইই আৰু নিট জাপি দিয়াক লৈ বৈঠকত কেন্দ্রক ক্ষুৰধাৰ সমালোচনা কৰে মমতা বেনাৰ্জীয়ে।
মমতাই কয়, ‘‘অতিমাৰিৰ ফলত ছাত্র-ছাত্রীসকলৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে। তাতে মানসিক অৱসাদত ভুগিছে বহুতেই। কৰোনাৰ ফলত এতিয়াও যোগাযোগ ব্যৱস্থা স্বাভাৱিক হোৱা নাই দেশত। এনে পৰিস্থিতিত শিক্ষাৰ্থীসকল পৰীক্ষা দিবলৈ যাবই বা কেনেদৰে? পৰীক্ষা স্থগিত ৰখাৰ দাবী জনাই প্রধানমন্ত্রীলৈ পত্ৰ পঠাইছো। কিন্তু এতিয়াও কোনো উত্তৰ পোৱা নাই।’’
মমতাৰ দাবীক সমর্থন কৰি ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত সোৰেনে কয়, ‘‘পৰীক্ষা অৱশ্যেই হোৱা উচিত। কিন্তু আমাৰ ৰাজ্যত বহু দূৰৈত কিছু পৰীক্ষা কেন্দ্র আছে। বর্তমান পৰিস্থিতিত ইমান সংখ্যক পৰীক্ষার্থী পৰীক্ষা দিবলৈ গ’লে হোটেল খুলিব দিব লাগিব। চলাব লাগিব বাছ। তাত সংক্রমণ আৰু বিয়পি পৰাৰ আশঙ্কা আছে। কেন্দ্রই আমাক আৰু সময় দিয়া উচিত। নহ’লে পৰিস্থিতিৰ অৱনতি হ’লে কেন্দ্রই আমাকেই দুষিব। একগোট হৈ ইয়াৰ বাবে আমি সৰৱ হ’ব লাগিব।’’
মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই কয়, ‘‘চৰকাৰৰ ভয়ত সেও মানি থাকিম নে মুখামুখী হৈ যুঁজ চলাই যাম, আগতে সেইটো ঠিক কৰিব লাগিব আমি। কেন্দ্রত যিসকলে বিজেপিক নির্বাচিত কৰিছে, আমাকো তেওঁলোকেই নির্বাচিত কৰিছে। কিন্তু আমি কিবা কৰিলে সেইটো পাপ, আৰু তেওঁলোকে যিকোনো কাম কৰিলেই সেয়া পুণ্য? ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ আমি যুঁজিব লাগিব।’’
পুডুচেৰিৰ মুখ্যমন্ত্রী ভি নাৰায়ণস্বামীয়ে কয়, ‘‘কৰোনা পৰিস্থিতিত পৰীক্ষাৰ আয়োজন কৰিলে সংক্রমণ আৰু বিয়পি পৰিব পাৰে। সেই পৰিস্থিতিৰ বাবে দায়বদ্ধ থাকিব লাগিব কেন্দ্র। এই ক্ষেত্ৰত আমি কেন্দ্রৰ বিৰুদ্ধে একগোট হৈ যুঁজিম।’’
ইফালে বৈঠকত উপস্থিত থকা পঞ্জাবৰ মুখ্যমন্ত্রী অমৰেন্দ্র সিং, ছত্তীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল আৰু ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটেও বৈঠকত উপস্থিত থাকি পৰীক্ষা স্থগিত ৰখাৰ পক্ষত মন্তব্য কৰে।
আনহাতে, ছোনিয়া গান্ধীয়ে কয়, মহামাৰি পৰিস্থিতিত পৰীক্ষাৰ আয়োজন কৰি কেন্দ্রই দায়িত্বজ্ঞানহীনতাৰ দৰে আচৰণ কৰিছে।










