লকডাউনক লৈ কেন্দ্রক এইবাৰ তীব্র ভর্ৎসনা কৰিলে ছুপ্রিম কোৰ্টে। এই লকডাউনৰ বাবেই যে দেশত আর্থিক দুৰাৱস্থা, তাক বুজাই দিলে। তাৰ লগতে মৰেটৰিয়ামক লৈ নিজৰ অৱস্থান স্পষ্ট কৰিবলৈও কয় কেন্দ্রক।
উল্লেখ্য যে ক’ৰোনাৰ বাবে মার্চৰ শেষৰ পৰা দেশত লকডাউন হয়। সেই সময়ত মৰেটৰিয়ামত ঋণ পৰিশোধৰ ওপৰত সুত ৰেহাইৰ বাবে পিটিচন জমা পৰে ছুপ্রিম কোর্টত। বুধবাৰে ন্যায়াধীশ অশোক ভূষণ আৰু এমআৰ শ্বাহৰ খণ্ড বিচাৰপীঠত গোচৰটো উঠে।
‘লগতে বিচাৰপীঠে কয়, ৰিজার্ভ বেঙ্কৰ আঁৰ লৈ মুখ লুকালে নহ’ব। ‘আপোনালোকৰ অৱস্থান স্পষ্ট কৰক। আপোনালোকে কৈছে সিদ্ধান্ত লৈছে ৰিজার্ভ বেঙ্কে। কিন্তু আমি ৰিজার্ভ বেঙ্কৰ উত্তৰ পাইছো।’
কেন্দ্রই এই পৰিপ্রেক্ষিতত জনায়, সুত ৰেহাই দিলে অর্থনীতি, ব্যৱসায়, বেঙ্কে লোকচানত ভৰিব। তেতিয়াই ছুপ্রিম কোৰ্টে তিৰস্কাৰ কৰি কয়, ‘এনেকুৱা পৰিস্থিতি সৃষ্টি হৈছে, কাৰণ সমগ্ৰ দেশত আপোনালোকেই লকডাউন কৰি ৰাখিছিল।’










