মাত্র ১০ দিনৰ ব্যৱধানত দুগৰাকী নাবালিকাক ধর্ষণ কৰি হত্যাৰ ঘটনা ঘটিল উত্তৰ প্রদেশৰ লখিমপুৰ খেড়ী জিলাত। মঙ্গলবাৰে ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় ঘৰৰ কাষৰ এটি পুখুৰীৰ পৰা। ইয়াৰ পূৰ্বে ১৫ আগষ্টত ১৩ বছৰীয়া এগৰাকী নাবালিকাৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল সেই অঞ্চলৰেই এডৰা কুঁহিয়াৰ খেতিৰ পৰা।
মঙ্গলবাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাইছে, ১৭ বছৰীয়া নাবালিকাগৰাকীক চোকা অস্ত্রৰে হত্যা কৰা হৈছে। হত্যাৰ পূৰ্বে নাবালিকাগৰাকীক ধর্ষণ কৰা হৈছিল বুলিও আৰক্ষীয়ে জনায়। খেড়ীৰ আৰক্ষী বিষয়া সতেন্দাৰ কুমাৰ সিঙে কয়, ‘‘পোষ্টমৰ্টেমৰ ৰিপোর্টত জনা গৈছে কিশোৰীগৰাকীক ধর্ষণ কৰা হৈছিল।
অভিযুক্তসকলক চিনাক্ত কৰি গ্রেপ্তাৰৰ সকলো চেষ্টা আমি চলাইছো।’’নির্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ সদস্যই জনোৱা মতে, সোমবাৰে নিকটৱর্তী চহৰলৈ স্কলাৰশ্বিপৰ ফর্ম আনিবলৈ গৈছিল তেওঁ। বহু সময় পাৰ হৈ যোৱাৰ পিছতো কিশোৰীগৰাকী ঘৰলৈ ঘূৰি নহাত আৰক্ষীৰ ওচৰত অভিযোগ জনোৱা হয়।










