
নিউজ ডেস্কঃ ৰিয়া আৰু মহেশ ভাটৰ সম্পর্ক প্ৰকৃততে কেনে ধৰণৰ? মহেশ ভাট ৰিয়াৰ গডফাদাৰ নেকি, নে তেওঁলোক ভাল বন্ধু? একমাত্ৰ সন্তান স্নেহেৰে ৰিয়াক চাইনে মহেশ ভাটে?
মুখ খুলিছে এইবাৰ শত্রুঘ্ন সিনহাই। বিগত দুমাহ ধৰি ৰহস্যৰ কেন্দ্রবিন্দুত ৰিয়া চক্রৱর্তী। তেওঁক লৈ প্রতিদিনেই এটাৰ পিছত আনটো ‘খবৰ’ত উত্তাল মিডিয়া। তাৰ মাজতেই ‘টক অব দ্য টাউন’ ৰিয়া আৰু পৰিচালক মহেশ ভাটৰ মাজৰ সম্পর্ক। কেতিয়াবা যদি ৰিয়াৰ কান্ধত মূৰ থোৱা মহেশ ভাটৰ ছবি ভাইৰেল হৈছে, কেতিয়াবা আকৌ ফাদিল হৈছে ৱাটছএপত তেওঁলোকৰ ব্যক্তিগত কথোপকথন।
এক সাক্ষাৎকাৰত শত্ৰুঘ্ন সিনহাই কয়, সকলোৱে জানিব বিচাৰে মহেশ ভাট আচলতে ৰিয়াৰ ওচৰত ‘ফাদাৰ ফিগাৰ’, ‘গডফাদাৰ’, নে তেওঁলোকৰ সম্পর্ক আৰু অলপ বেছি?
অভিনেতাগৰাকীৰ মনৰ অনুভৱ, ৰিয়াক কোনোদিনেই মুখামুখীকৈ দেখা নাই তেওঁ। আনকি, মহেশ ভাটৰ সৈতেও প্ৰায় পাঁচ বছৰমান দেখা-সাক্ষাৎ হোৱা নাই তেওঁৰ। সেয়ে এই বিষয়ত বিশেষ কিবা ক’ব নোৱাৰিলেও তেওঁ এই সম্পর্কৰ বিষয়ে জানিব বিচাৰে। লগতে, চিবিআইৰ সন্মুখত যাতে সকলো তথ্য-প্রমাণ দাখিল কৰা হয় তাৰো দাবী কৰে শত্রুঘ্ন সিনহাই।










