
নিউজ ডেস্কঃ অধিবক্তা প্রশান্ত ভূষণৰ গোচৰৰ ৰায়দান স্থগিত ৰাখিলে ছুপ্রিম কোর্টে। অৱশ্যে প্রশান্ত ভূষণৰ আচৰণত একেবাৰেই সন্তুষ্ট নহয় শীর্ষ আদালত। মঙ্গলবাৰে পুনৰ প্রশান্ত ভূষণক ক্ষমা বিচৰাৰ সুযোগ দিছিল ন্যায়াধীশ অৰুণ মিশ্রৰ বিচাৰপীঠে। কিন্ত তেওঁ ক্ষমা বিচাৰিবলৈ ৰাজী নহ’ল।
শাস্তি ঘোষণা স্থগিত
অধিবক্তা প্রশান্ত ভূষণৰ আদালত অৱমাননাৰ ৰায়ৰ শাস্তি ঘোষণা স্থগিত ৰাখিলে দেশৰ শীর্ষ আদালতে। কিন্তু তেওঁৰ আচৰণত যে আদালত সন্তুষ্ট নহয় সেই কথাও লগতে জনাই দিয়ে। এজন বর্ষীয়ান অধিবক্তাৰ এই ব্যৱহাৰ মানি ল’ব পৰা নাযায় বুলি ওলোটাকৈ প্রশান্ত ভূষণৰ অধিবক্তা ৰাজীৱ ধৱনক ভর্ৎসনা কৰে ন্যায়াধীশ অৰুণ মিশ্রই।
ক্ষমা বিচাৰিবলৈ অস্বীকাৰ প্রশান্ত ভূষণৰ
একোতেই আদালতৰ ওচৰত ক্ষমা বিচাৰিবলৈ ৰাজী নহয় প্রশান্ত ভূষণ। ওলোটাই নিজৰ কামৰ বাবে তেওঁ বিন্দুমাত্রও অনুতপ্ত নহয় বুলি জনায়। উল্লেখ্য, কেইদিনমান পূৰ্বে দেশৰ আইন ব্যৱস্থাক লৈ টুইট কৰিছিল অধিবক্তা প্রশান্ত ভূষণে। দেশৰ বিচাৰ ব্যৱস্থাকে ধ্বংস কৰা হৈছে বুলি টুইটত তেওঁ লিখিছিল।
অন্য বিচাৰপীঠত শুনানি
২০০৯ চনৰ আদালত অৱমাননাৰ গোচৰটো ন্যায়াধীশ অৰুণ মিশ্রৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠৰ পৰা আঁতৰাই লৈ যোৱাৰ অনুমতি দিয়া হৈছে। প্রশান্ত ভূষণৰ অধিবক্তা ৰাজীৱ ধৱনৰ আৰ্জি মানি অন্য বিচাৰপীঠলৈ নিবলৈ ৰাজী হয় ছুপ্রিম কোর্ট। যাৰ ফলত শাস্তি ঘোষণা স্থগিত হয়।
অপৰাধ স্বীকাৰ কৰিবলৈও অমান্তি
নিজৰ অপৰাধ স্বীকাৰ কৰিবলৈ সৈমান নহয় প্রশান্ত ভূষণ। যদি কোনোৱে নিজকে অপৰাধী বুলি নাভাবে তেতিয়াহ’লে তেওঁক সতর্ক কৰাৰ কোনো অর্থই নাই বুলি পর্যবেক্ষণত জনাইছে ন্যায়াধীশ অৰুণ মিশ্রই। এটা সাধাৰণ গোচৰক অকাৰণতে টুইট কৰি প্রশান্ত ভূষণে ৰহণ সনা বুলি ওলোটাই অভিযোগ কৰে ন্যায়াধীশ মশ্ৰই।










