আজিৰে পৰা দেশত আৰম্ভ হৈছে অক্সফোর্ডৰ তৈয়াৰী ক’ৰোনা টীকাৰ দ্বিতীয় পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ। ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ ওপৰত প্রয়োগ কৰা হ’ব এই টীকা। এই পর্যায়তো কেৱল সুস্থ মানুহৰ ওপৰতেই পৰীক্ষা চলিব। পুনৰ ভাৰতীয় বিদ্যাপীঠ মেডিকেল কলেজ হাস্পটালক পৰীক্ষা কেন্দ্ৰ হিচাবে বাছি লোৱা হৈছে।
অক্সফোর্ডৰ গৱেষকসকলে এই টীকা আৱিষ্কাৰৰ কাম চলাইছে। টীকা উৎপাদনত তেওঁলোকক সহায় কৰিছে ভাৰতৰ চেৰাম ইনস্টিটিউট আৰু ব্রিটেইন–ছুইডেনৰ ঔষধ প্রস্তুতকাৰক কোম্পানী এষ্ট্ৰা জেনেকাই। চেৰাম ইনস্টিটিউটৰ চৰকাৰী আৰু নিয়ামক সংস্থা বিষয়ক অতিৰিক্ত সঞ্চালক প্রকাশ কুমাৰে সিঙে জনায়, ‘চেণ্ট্ৰেল ড্রাগ কন্ট্রোল অৰ্গেনাইজেচনৰ পৰা প্রয়োজনীয় অনুমতি-পত্র লাভ কৰা হৈছে। আমি নিশ্চিত দেশবাসীৰ বাবে বিশ্বমানৰ কৰোনা টীকা আনিব পাৰিম। দেশক আত্মনির্ভৰ কৰি তুলিম।’
উল্লেখ্য যে ৩ আগষ্টত চেৰাম ইনস্টিটিউটক অক্সফোর্ডৰ তৈয়াৰী টীকাৰ দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ ট্রায়েলৰ বাবে অনুমোদন দিয়ে ড্রাগছ কন্ট্রোলাৰ জেনেৰেল অব ইণ্ডিয়াই। দিল্লীৰ এইমছসহ ১৭টা স্থানত চলিব এই পৰীক্ষামূলক প্রয়োগ। ১৮ বছৰৰ ওপৰৰ ১৬০০ মানুহৰ শৰীৰত প্ৰয়োগ কৰা হ’ব এই টীকা। ‘কোভিছিল্ড’ নামৰ এই টীকাৰ প্রাথমিক দুটা পর্যায়ৰ পৰীক্ষামূলক প্রয়োগ হৈছে ব্রিটেইনত। তাতো পাঁচটা স্থানত ট্রায়েল চলিছে। আশানুৰূপ ফলো লাভ কৰা হৈছে।










