পুলৱামা সন্ত্রাসৰ চার্জশ্বিটত ‘মূল পৰিকল্পনাকাৰী’ হিচাবে পাক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ প্রধান মাচুদ আজহাৰক অভিযুক্ত কৰা হৈছে। সূত্র মতে, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (এনআইএ বা নিয়া)ই তৈয়াৰ কৰা ৫,০০০ পৃষ্ঠাৰ এই চার্জশ্বিটত অভিযুক্ত কৰা হৈছে মাচুদৰ ভাতৃ ৰৌফ আছগৰকো। সোমবাৰে জম্মুৰ বিশেষ আদালতত এই চার্জশ্বিট দাখিল কৰা হয়।
নিয়াৰ ডিআইজি ছোনিয়া নাৰাঙে আজি কয়, চার্জশ্বিটত মাচুদ, ৰৌফসহ মুঠ অভিযুক্তৰ সংখ্যা ২০। ষড়যন্ত্রকাৰী জইছ নেতা আৰু আক্ৰমণকাৰী নিহত পাক সন্ত্ৰাসবাদীৰ উপৰি অভিযুক্ত তালিকাত আৰু ১৮জন ব্যক্তিৰ নাম আছে। তেওঁলোকৰ বিৰুদ্ধে পাক সন্ত্ৰাসবাদীক আশ্রয়ৰ ব্যৱস্থা কৰা আৰু অন্য সহায়তাৰ অভিযোগ অনা হৈছে। নাৰাঙে লগতে কয়, ‘‘আমি আজি আদালতত সুদীর্ঘ চার্জশ্বিটখন জমা দিছো। ইয়াত অভিযুক্তসকলৰ বিৰুদ্ধে বিস্তৃত তথ্য-প্রমাণ দিয়া হৈছে।’’
উল্লেখ্য যে যোৱা বছৰ ১৪ ফেব্রুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত চিআৰপিএফ কনভয়ত আক্ৰমণৰ ঘটনাত ৪০ জন জোৱান নিহত হৈছিল। পিছদিনা জইছৰ তৰফৰ পৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা হৈছিল।










