সম্প্রতি ভার্চুৱেল জগতত যিটো হাৰত অপৰাধ বাঢ়িছে তাক লৈ সকলো উদ্বিগ্ন। বলিউডৰ পৰা ৰাজনীতিক, সকলোৱেই ইয়াৰ চিকাৰ হৈছে। সমগ্ৰ দেশত ভার্চুৱেল শ্লীলতাহানিৰ চিকাৰ হৈছে প্ৰায় প্রত্যেকেই।
এইবাৰ ভার্চুৱেল শ্লীলতাহানিৰ চিকাৰ হৈছে বংগৰ অভিনত্ৰী নুছৰত জাহান। সাংসদ-অভিনেত্রী নুছৰত যেতিয়াই কোনো হিন্দু অনুষ্ঠানলৈ যায়, তেতিয়াই তেওঁৰ বিৰুদ্ধে ফতোৱা জাৰি কৰে কেইবাটাও ধর্মীয় সংগঠনে। ইয়াৰ লগে লগে চলি থাকে ধর্ষণ আৰু হত্যাৰ ভাবুকি।
সম্প্রতি এই চাইবাৰ অপৰাধক লৈ নুছৰতে জনাইছে, ‘অনলাইনত যিসকলে এনে ধৰণে ধর্ষণ আৰু হত্যাৰ ভাবুকি দিয়ে তেওঁলোক আচলতেই বিকৃত মানসিকতাৰ মানুহ। অনলাইনত এনেধৰণৰ অভদ্ৰামিক লৈ মই চিন্তিত। অৱশ্যে এনে ধৰণৰ পৰিস্থিতিত মই কেতিয়াও বিভ্রান্ত হোৱা নাই।’
উল্লেখ্য যে দুদিন পূৰ্বে গণেশ চতুর্থী পালন কৰিছিল নুছৰত জাহানে।
স্বামী নিখিল জৈনৰ সৈতে ঢাকো বজাইছিল। সেই ভিডিও ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল। অনুমান কৰা হৈছে, ভিডিওটোৱে বিৰক্তি বঢ়াইছে ধর্মগুৰুসকলৰ৷ আনহাতে, মঙ্গলবাৰে আৰু এটি ক্লিপিং ভাইৰেল হৈছে সাংসদ-অভিনেত্ৰীগৰাকীৰ৷ প্ৰণিধানযোগ্য যে দুই তাৰকা-সাংসদ নুছৰত জাহান আৰু মিমি চক্রৱর্তীয়ে সংসদত শপত লোৱাৰ পিছতে মুখামুখী হৈছিল সাংবাদিক ৰজত শর্মাৰ এক টেলিভিছন শ্ব’ত। তাত ধর্ম, ভিন্ন ধর্মৰ প্রেম আৰু বিয়াক লৈ নুছৰতে নিজৰ মত আগবঢ়াইছিল।
তাত তেওঁ কৈছিল ভালপোৱাৰ কোনো ভাষা, ধর্ম, জাতি নাই! এই কথা কেতিয়া বুজিব সাধাৰণ মানুহ, ধর্মগুৰিসকলে৷ নুছৰতে কৈছিল : ‘‘মানুহক ভালপাব নাজানিলে কিহৰ পণ্ডিত, কিহৰ মৌলবী!’’
উল্লেখ্য যে সাংসদ হিচাবে শপত লোৱাৰ পূৰ্বে ব্যৱসায়ী নিখিল জৈনক বিয়া কৰায় নুছৰতে। শপত লোৱাৰ সময়ত শাড়ী, সিন্দুৰ, মঙ্গলসূত্রৰে তেওঁ পাৰফেক্ট হিন্দু বোৱাৰীৰ সাজত আছিল। নিজকে ‘ঈশ্বৰৰ সন্তান’ বুলি দাবী কৰিলেও নুছৰতৰ এই আচৰণ এতিয়াও হয়তো বহুতৰ বাবে ক্ষোভৰ কাৰণ হৈ আছে










