উত্তেজনা, হুলস্থুল, বাদ-বিবাদ, অভিযোগ, দোষাৰোপ- সকলো শেষ৷ ‘নাটকৰ যৱনিকা’ পেলাই অৱশেষত নেতৃত্ব পৰিবর্তনৰ সিদ্ধান্ত অবিহনেই হ’ল সকলো মীমাংসা! ছোনিয়া গান্ধীৰ উত্তৰসূৰীৰ সন্ধানত সোমবাৰে এনে এক নাটকৰে সাক্ষী হ’ল কংগ্রেছ ৱর্কিং কমিটি। কমিটিৰ সদস্যসকলৰ একাংশ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে সৰৱ হ’লেও শেষ পর্যন্ত ৱর্কিং কমিটিৰ অনুৰোধ মানি অন্তর্বর্তী সভাপতি হিচাবে ছোনিয়া গান্ধীকে কাম চলাই যাবলৈ দিয়াত ৰাজী হৈছে সকলো।
সন্ধ্যা ভার্চুৱেল বৈঠক শেষ হোৱাৰ পিছত জানোৱা হয়, নতুন সভাপতি নির্বাচনৰ প্রক্রিয়া আৰম্ভণিৰ বিষয়ে ৱর্কিং কমিটিয়ে সিদ্ধান্ত লৈছে। প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে উত্থাপন কৰা প্রস্তাৱ সর্বসম্মতিক্ৰমে গ্রহণ কৰি ৱর্কিং কমিটিয়ে স্থিৰ কৰিছে, আগন্তুক ছয় মাহৰ ভিতৰত এআইচিচিৰ পূর্ণাঙ্গ অধিবেশন আহ্বান কৰি নতুন সভাপতি নির্বাচন কৰা হ’ব।
তেতিয়ালৈকে ছোনিয়া গান্ধীয়েই নেতৃত্ব চম্ভালিব৷ কংগ্রেছৰ এক সূত্রই জনাইছে, ছোনিয়াই তেওঁৰ সামৰণী ভাষণত নেতৃত্ব পৰিবর্তন বিচাৰি ২৩ জন কংগ্রেছ নেতাই পত্ৰ পঠোৱাৰ প্রসঙ্গত কয়, ‘‘মই মর্মাহত হৈছো। কিন্তু তেওঁলোক আমাৰ সহকর্মী। আহক আমি একলগে কাম কৰো।’’










