ছোনিয়া গান্ধীয়ে অন্তৰ্ৱৰ্তীকালীন পশাবতিৰ দায়িত্ব লোৱাৰ এক বছৰ পাৰ হওঁ-নৌহওঁতেই দলৰ আভ্যন্তৰীণ পৰিবর্তনৰ দাবী জনায় শীর্ষ নেতৃত্বই। ২৩জন শীর্ষনেতাই এইমর্মে ছোনিয়া গান্ধীলৈ পত্ৰও লিখে। লগতে তেওঁলোকে ৱর্কিং কমিটিৰ বৈঠকৰ বাবেও আবেদন জনাইছিল।
তেওঁলোকৰ পত্ৰৰ উত্তৰত ছোনিয়া গান্ধীয়ে জনাইছিল, বৈঠক হ’ব। সকলোৱে মিলি নতুন সভাপতিৰ সন্ধান কৰিম। সেই বহু প্ৰতীক্ষিত ৱৰ্কিং কমিটিৰ বৈঠকখন আজি অনুষ্ঠিত হয়৷ কিন্তু বৈঠকত পুনৰবাৰ স্পষ্ট ৰূপত প্ৰকাশ পায় দলীয় অন্তঃকন্দল৷
নতুন সভাপতি প্ৰসংগত আজি মুখ খোলে ৰাহুল গান্ধীয়ে। যদিও তেওঁ নিজে সভাপতি পদত নতুন মুখৰ দাবী কৰি আহিছে, তথাপি এই পত্ৰ প্ৰেৰণৰ সময়ক লৈ তেওঁ প্রশ্ন উত্থাপন কৰে। ৰাহুলৰ দাবী, ৰাজস্থান, মধ্যপ্রদেশত যেনেদৰে দল সংকটত পৰিছিল, লগতে ছোনিয়া গান্ধীৰ যেনেদৰে শাৰীৰিক অৱস্থাৰ অৱনতি হয়; তেনে পৰিস্থিতিত এই চিঠিখন তেতিয়া দিয়া উচিত নাছিল।
কেৱল সেয়াই নহয়, যিসকল কংগ্রেছ নেতাই এই পত্ৰ লিখিছে, তেওঁলোকে বিজেপিক সহায় কৰিছে বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে।উল্লেখ্য যে পত্ৰখনত স্বাক্ষৰ আছে কপিল ছিব্বাল, শশী থাৰুৰ, গোলাম নবী আজাদ, পৃথ্বীৰাজ চৌহান, বিবেক তানখা আৰু আনন্দ শর্মাৰ দৰে প্রবীণ নেতাসকলৰ।
পত্ৰখনত দাবী কৰা হৈছে, ৰাহুল গান্ধীয়ে যদি দলৰ সভাপতি পদ গ্রহণ কৰিবলৈ ইচ্ছুক নহয় তেতিয়াহ’লে দলত নির্বাচনৰ মাধ্যমেৰে উপযুক্ত নেতা বাছি উলিওৱা হওক৷ সংগঠনৰ শীর্ষ নেতৃত্বৰ পৰা তৃণমূল স্তৰ,সকলো স্থানতেই আমূল সংস্কাৰৰো দাবী তোলে এইসকল প্ৰবীণ কংগ্রেছীয়ে৷
ৰাহুলৰ এই আক্রমণৰ লক্ষ্য হ’ল পত্ৰ লেখকসকলৰ ভিতৰত অন্যতম গোলাম নবী আজাদ। লগতে বিজেপিক সহায় কৰা প্রসঙ্গত ৰাহুল গান্ধীৰ বিৰোধিতা কৰে কপিল ছিব্বালে। আজি গোলাম নবী আজাদে কয় যে তেওঁ পদত্যাগ কৰিবলৈ ৰাজী, কিন্তু তেওঁৰ বিজেপিক সহায় কৰাৰ কোনো লক্ষ্য বা উদ্দেশ্য নাই।
একেই সুৰতে কপিল ছিব্বালে কয়, ‘বিগত ৩০ বছৰে আমি এবাৰো বিজেপিৰ পক্ষত মুখ খোলা নাই। ৰাজস্থানত কংগ্রেছৰ চৰকাৰ বচোৱাৰ লগতে মণিপুৰতো দলৰ হৈ যুঁজিছে। তাত বিজেপি চৰকাৰ পতনৰ বাবে চেষ্টা চলাইছো।
আৰু আপুনি কৈছে আমি বিজেপিৰ সৈতে হাত মিলাইছো?’ইয়াৰ পিছতে গোলাম নবী আজাদক ওলোটা আক্রমণ কৰে প্রিয়াঙ্কা গান্ধীয়ে। গোলাম নবী আজাদক আক্রমণ কৰি প্ৰিয়ংকাই কয়, ‘আপুনি এই বৈঠকত যি কৈছে, আৰু আপোনাৰ পত্ৰত যি লেখা আছিল, সেয়া সম্পূর্ণ পৃথক।’ আনহাতে, গোলামক আক্রমণ কৰিলেও ছিব্বালৰ খং কমাবলৈ চেষ্টা কৰে ৰণদীপ সিং সুৰজেৱালাই।
সুৰজেৱালাই টুইট কৰি লিখে, ‘ৰাহুল গান্ধীয়ে এনে কোনো কথাই কোৱা নাই বা এনে কোনো কথা বুজাবও বিচৰা নাই। অনুগ্ৰহ কৰি মিডিয়াৰ ভুল খবৰত বিশ্বাস নকৰিব। হয়, আমি সকলোৱেই একত্রিত হৈ মোদী চৰকাৰৰ বিৰোধিতা কৰিব লাগিব।
আমি নিজৰ মাজত যুঁজ কৰা উচিত নহয়, ইয়াৰ ফলত কংগ্রেছৰ ক্ষতি হ’ব।’ ইফালে সুৰজেৱালাৰ এই টুইটৰ পিছতেই নিজৰ টুইটটো ডিলিট কৰি দিয়ে কপিল ছিব্বালে। ছিব্বালে কয়, ৰাহুল গান্ধীয়ে নিজে তেওঁক এই বিষয়ত বুজাওক।











